danewsplus.com
danewsplus.com

ক’ভাক্সিনলৈ WHOৰ স্বীকৃতি, জৰুৰী ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত ক’ভাক্সিন

0 299

ডিজিটল ডেস্কঃ ক’ভাক্সিনলৈ ‘হু’ৰ স্বীকৃতি৷ ভাৰত বায়’টেকে উদ্ভাৱন আৰু উৎপাদন কৰা ক’ৰোনাৰ ভেকচিন ক’ভাক্সিনক জৰুৰী ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই৷ ফলত এতিয়া বিশ্বৰ সকলো দেশে স্বীকৃতি দিব এই ভেকচিনক৷

ক’ভাক্সিন লোৱা ভাৰতীয় নাগৰিকৰ বিদেশ ভ্ৰমণৰ ক্ষেত্ৰত নিষেধাজ্ঞা এতিয়াৰে পৰা প্ৰত্যাহাৰ কৰা হ’ব৷ বিদেশত গৈ ভাৰতীয় নাগৰিকে আৰু ছেলফ কোৱাৰিণ্টেনত থাকিবলগীয়া নহ’ব৷ যোৱা এপ্ৰিলত ভাৰত বায়’টেকে এই ভেকচিন জৰুৰী ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে ‘হু’ৰ ওচৰত আৱেদন জনাইছিল৷ জুলাই মাহত ‘হু’ৰ ওচৰত দাখিল কৰা হৈছিল এই ভেকচিন ব্যৱহাৰৰ ফলাফল আৰু অন্যান্য তথ্য৷ অৱশেষত বুধবাৰে ‘হু’ৱে ক’ভাক্সিনক দিলে এই স্বীকৃতি৷

Leave A Reply

Your email address will not be published.