danewsplus.com
danewsplus.com

T-20 বিশ্বকাপত ভাৰতৰ প্ৰথম জয়

0 389

ডিজিটেল ডেস্কঃ T-20 বিশ্বকাপত প্ৰথম দুখন মেচত শোচনীয় পৰাজয়ৰ পিছত আফগানিস্তানৰ বিৰুদ্ধে ৬৬ ৰানত জয়লাভ কৰিলে বিৰাট কোহলিৰ টীম ইণ্ডিয়াই ৷ পিছে এই জয়ক লৈ বিশেষ উৎসাহিত হ’বলগীয়া কাৰণ একো নাই৷ প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত অভাৰত ২ উইকেটত সংগ্ৰহ কৰে ২১০ ৰান৷

প্ৰথম দুয়োখন মেচতে চূড়ান্তভাৱে ব্যৰ্থ হোৱা ৰোহিত শৰ্মাই ৭৪ আৰু কে এল ৰাহুলে সংগ্ৰহ কৰে ৬৯ ৰান৷ ঋষভ পন্তে ২৮ আৰু হাৰ্ডিক পাণ্ড্যাই কৰে ৩৪ ৰান৷ প্ৰত্যুত্তৰত ৭ উইকেটত ১৪৪ ৰানতে সমাপ্তি ঘটে আফগানিস্তানৰ ইনিংছ৷ আফগানিস্তানৰ অধিনায়ক মহম্মদ নবীয়ে ৩৫ আৰু কৰিম জনাতে কৰে ৪২ ৰান৷ পিছে বলিং আক্ৰমণৰ বেমেজালিত পৰা আফগানিস্তানৰ বিৰুদ্ধে এই জয় লাভ কৰিলেও ভাৰতৰ ছেমিফাইনেলত প্ৰৱেশৰ সম্ভাৱনা নিৰ্ভৰ কৰিব আন দলৰ প্ৰদৰ্শনৰ ওপৰত৷

বাকী থকা দুখন খেলত ভাৰতে বৃহৎ ব্যৱধানত পৰাস্ত কৰিব লাগিব স্কটলেণ্ড আৰু নামিবিয়াক৷ কালিৰ এই খেলখনত আফগানিস্তান পৰাস্ত হ’লেও নেট ৰানৰৱেটৰ ভিত্তিত নিউজীলেণ্ডতকৈ আগত আছে আফগানিস্তান৷

Leave A Reply

Your email address will not be published.