danewsplus.com
danewsplus.com

সেনাৰ সৈতে দীপাৱলীৰ আনন্দ ল’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

0 143

ডিজিটেল ডেস্কঃ সেনা জোৱানক দীপাৱলীৰ শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ। সম্পূৰ্ণ সামৰিক পোছাকত সেনা বাহিনীৰ শিৱিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ জম্মু-কাশ্মীৰৰ নৌছেৰা সেনা শিৱিৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ দীপাৱলীৰ দিনাই সেনা জোৱানৰ লগত বহু সময় অতিবাহিত কৰিলে মোদীয়ে ৷ গছৰ পুলিত পানী দিয়াৰ পিছত প্ৰতিজন সেনা জোৱানক মিঠাই খুৱাই দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ সেনা বাহিনীৰ জোৱানক উদ্দেশ্যি দিয়া ভাষণত

মোদীয়ে সোঁৱৰিলে ভাৰতবৰ্ষৰ সামৰিক শক্তিৰ কথা
ভাষণ প্ৰসংগত মোদীয়ে ক’লে

বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ ন ন আৱিষ্কাৰে যুদ্ধৰ পৰিৱেশ-পৰিস্থিতি সলনি কৰিছে।
তথ্য-প্ৰযুক্তিৰ সকলো সুবিধা সেনা বাহিনীক লোৱাৰ আহ্বান
জনাই প্ৰধানমন্ত্ৰী মোদীয়ে ক’লে

সেনা জোৱানসক দেশৰ সাৰ্বভৌমত্ব আৰু অখণ্ডতাৰ প্ৰহৰী
বীৰ জোৱানসকলক মোৰ সশ্ৰদ্ধ প্ৰণাম : মোদী

ইফালে দীপাৱলীৰ দিনাই এনেদৰেই প্ৰাক্তন সেনা জোৱানক সম্বৰ্ধনা জ্ঞাপন কৰিলে নৰেন্দ্ৰ মোদীয়ে ৷ দীপাৱলীৰ উপহাৰ দিয়াৰ লগতে প্ৰাক্তন জোৱানসকলক সশ্ৰদ্ধ প্ৰণাম জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

Leave A Reply

Your email address will not be published.