danewsplus.com
danewsplus.com

দীপাৱলীত লখিমপুৰবাসীলৈ ভাল খবৰ, আৰম্ভ হ’ল গুৱাহাটী-লখিমপুৰ বিমানসেৱা

0 468

ডিজিটেল সংবাদ, লখিমপুৰঃ দীপাৱলীৰ দিনাই লখিমপুৰৰ বাবে আহিল এক ভাল খবৰ৷ দীৰ্ঘ বিৰতিৰ অন্তত গুৱাহাটীৰ পৰা উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমান বন্দৰলৈ চলিল যাত্ৰীবাহী বিমান। প্ৰথম দিনৰ যাত্ৰাতে ফ্লাইবিগৰ বিমানেৰে গুৱাহাটীৰ পৰা লখিমপুৰ পালেহি শিক্ষা মন্ত্ৰী ৰনোজ পেগু, অৰুণাচলৰ কৃষিমন্ত্ৰী টাকি টাগে, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা।

৯৯৯ টকাতে গুৱাহাটী-লখিমপুৰৰ মাজত ফ্লাইবিগৰ বিমানযাত্ৰাৰ সুবিধা আগবঢ়োৱা হৈছে৷ সপ্তাহৰ মঙল, বৃহস্পতি আৰু শনিবাৰে চলিবলগীয়া এই বিমানৰ সময় সূচী বৃদ্ধি কৰাৰ পোষকতা কৰে নেতা-মন্ত্ৰীৰ দলটোৱে৷ গুৱাহাটীত এই বিমান সেৱাৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে, এলায়েন্স এয়াৰৰ এখন বিমান নিতৌ পুৱা কলকাতা আৰু লখিমপুৰৰ মাজত চলাচল কৰি আছিল যদিও লখিমপুৰ-গুৱাহাটীৰ মাজত নাছিল কোনো বিমান৷ অৱশেষত ফ্লাইবিগে গুৱাহাটী-লখিমপুৰৰ মাজত বিমান সেৱা আৰম্ভ কৰাত উৎফুল্লিত হৈ পৰিছে লখিমপুৰবাসী৷

Leave A Reply

Your email address will not be published.