danewsplus.com
danewsplus.com

তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি

0 143

ডিজিটেল সংবাদ তিনিচুকীয়াঃ ৰাজ্যত পুনৰ কভিডৰ ভয়াৱহ সংক্ৰমণ। তিনিচুকীয়া জিলাত ১৪৪ ধাৰা জাৰি কৰা হৈছে। ক’ভিড সংক্ৰমণৰ বাবে সমগ্ৰ জিলাখনতেই তাৎক্ষণিকভাৱে জাৰি কৰা হৈছে ১৪৪ ধাৰা। কেইবাটাও নিষেধাজ্ঞা জাৰি তিনিচুকীয়া প্ৰশাসনৰ।

জিলাখনত ৰাজহুৱা স্থানত ৫ জনতকৈ অধিক লোক সমৱেত হ’ব নোৱাৰিব, প্ৰশাসনৰ অনুমতি অবিহনে সভা ধৰ্ণা, প্ৰতিবাদী সমদল আদি উলিয়াব নোৱাৰিব। বাইকত দুজন লোক বহা আদিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ লগতে ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাতো বাধ্যতামূলক কৰিছে প্ৰশাসনে ।

ইফালে দীপাৱলীৰ সময়ত আতচবাজী ব্যৱহাৰৰ ক্ষেত্ৰতো কিছু নীতি নিৰ্ধাৰণ কৰি দিছে প্ৰশাসনে ।

এই নিৰ্দেশনাসমূহ সমগ্ৰ জিলাখনতে পৰৱৰ্তি নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব।

Leave A Reply

Your email address will not be published.