danewsplus.com
danewsplus.com

কাছাৰত ফাদিল টেটৰ প্ৰশ্নকাকত,পৰীক্ষাৰ পূৰ্বেই ছচিয়েল মিডিয়াত হ’ল ভাইৰেল

0 154

ডিজিটেল ডেস্কঃ দেওবাৰে অনুষ্ঠিত হোৱা টেটৰ প্ৰশ্নকাকত ফাদিল হয় কাছাৰত ৷ পৰীক্ষাৰ পূৰ্বেই প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ৷ সোনাই মইনুল হক চৌধুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা হলৰ পৰা হোৱাটছএপযোগে ফাদিল হয় প্ৰশ্নকাকত ৷

পৰীক্ষা চলি থকাৰ সময়তেই ছচিয়েল মিডিয়াত ভাইৰেল হৈছিল কাকতখন ৷ কাছাৰ আৰক্ষীক শিক্ষা বিভাগে অৱগত কৰিছিল এই ঘটনা ৷ ইফালে প্ৰশ্ন কাকত ফাদিল কৰাৰ কথা স্বীকাৰ কৰিছে স্কুলখনৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমান বৰভূঞাই ৷ এই ঘটনাক লৈ ইতিমধ্যে বিভাগীয় তদন্ত আৰম্ভ হৈছে ৷ শেহতীয়াকৈ অধ্যক্ষক ঘটনাৰ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে জিলা স্কুল পৰিদৰ্শকৰ কাৰ্যালয়ে ৷

Leave A Reply

Your email address will not be published.