danewsplus.com
danewsplus.com

পৰিবহন বিভাগৰ অতিৰিক্ত আয়ুক্তই পঞ্জীয়কক প্ৰহাৰ কৰাক লৈ খানাপাৰাত প্ৰতিবাদ

0 523

ডিজিটেল ডেস্কঃ দ্বিতীয় দিনাও উত্তাল হৈ পৰিল মহানগৰীৰ খানাপাৰাস্থিত পৰিবহণ বিভাগৰ কাৰ্যালয়৷ অতিৰিক্ত আয়ুক্ত সাদনেক সিঙে প্ৰদীপ সেনাপতিক প্ৰহাৰ কৰাৰ ঘটনাক লৈ ক্ষুব্ধ হৈ পৰিছে বিভাগটোৰ কৰ্মচাৰীসকল৷ সামান্য অজুহাততে অতিৰিক্ত আয়ুক্তগৰাকীয়ে পঞ্জীয়কগৰাকীক প্ৰহাৰ কৰাৰ ঘটনাৰ ন্যায় বিচাৰি বুধবাৰে কৰ্মবিৰতি পালন কৰে কৰ্মচাৰীসকলে৷

কৰ্মীচাৰীসকলৰ এই প্ৰতিবাদত চামিল হ’ল কেইবাটাও দল-সংগঠন৷ সাদনেক সিঙৰ বিৰুদ্ধে ইতিমধ্যে পঞ্জীয়ক প্ৰদীপ সেনাপতিয়ে বশিষ্ঠ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ অতিৰিক্ত আয়ুক্তগৰাকীৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা নল’লে প্ৰতিবাদ অব্যাহত ৰখাৰ হুকাৰ দিছে কৰ্মচাৰীসকেল৷ ইফালে এই ঘটনাক লৈ মৰিগাঁও আৰু বঙাইগাঁৱতো কৰ্মবিৰতিৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে পৰিবহণ বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে৷

Leave A Reply

Your email address will not be published.