danewsplus.com
danewsplus.com

২ হাজাৰ টকা দিলেই আপুনি লাভ কৰিব ক’ভিড নিগেটিভৰ প্ৰমাণ পত্ৰ

0 160

ডিজিটেল ডেস্কঃ কভিড ৰিপৰ্ট’ৰ নামত স্বাস্থ্য কৰ্মীৰ ভয়ংকৰ কাণ্ড। ২ হাজাৰ টকাৰ বিনিময়ত উপলব্ধ কভিডৰ নিগেটিভ ৰিপৰ্ট । পাথাৰকান্দি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সহজলভ্য হৈছে এই সুবিধা । গোপন কেমেৰাত বন্দী হৈছে স্বাস্থ্য বিভাগৰ কৰ্মীৰ এই কাণ্ড ৷পাথাৰকান্দি সমষ্টিৰ ছলগই এলেকাৰ কানু বৈদ্য নামৰ প্ৰবাসী লোকজনে ক’ভিড পৰীক্ষা কৰা সময়তে ধৰা পৰে এই কাণ্ড ৷

লণ্ডনলৈ যোৱাৰ পূৰ্বে বিমান যাত্ৰাৰ বাবে প্ৰয়োজনীয় কভিডৰ নিগেটিভ ৰিপৰ্টৰ বাবে যুৱক জনে পাথাৰকান্দি স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈছিল । স্বাস্থ্য কেন্দ্ৰটোত অসীম ধৰ নামৰ ব্যক্তিজনে স্বাস্থ্য পৰীক্ষা নকৰাকৈয়ে ২ হাজাৰ টকাৰ বিনিময়ত নিগেটিভ ৰিপ’ৰ্ট দিয়াৰ বাবে প্ৰস্তাৱ আগবঢ়ায় ৷ কানু বৈদ্যই এই কথাত মান্তি হৈ টকা দিছিল যদিও, লেনদেনৰ সমগ্ৰ ঘটনা মোবাইল ফোনত কৰি ৰাখে ৷

লণ্ডন পোৱাৰ পিছত অসমত কিদৰে ক’ভিডৰ নামত খেলিমেলি সংঘটিত হয়, এই কথা তেওঁ সামাজিক মাধ্যমৰ যোগেদি উল্লেখ কৰে । লণ্ডন নিবাসী অসমৰ যুৱকজনৰ লগত হোৱা এই কাৰ্যই সকলোকে আচৰিত কৰিছে ৷

Leave A Reply

Your email address will not be published.