danewsplus.com
danewsplus.com

আজিৰে পৰা ৪০টাৰো অধিক মডেলৰ ম’বাইল ফোনত বন্ধ হ’ব হোৱাটছএপ

0 465

ডিজিটেল ডেক্সঃ আজিৰে পৰা ৪০টাৰো অধিক মডেলৰ ম’বাইল ফোনত বন্ধ হ’ব হোৱাটছএপ৷ পুৰণি ভাৰ্ছনৰ এন্ড্ৰয়ড আৰু আই অ’ এছযুক্ত ফোনসমূহত হোৱাটছএপে কাম নকৰিব৷ ‘মেটা’ৰ মালিকানাধীন মেছেজিং এপৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে৷ প্ৰতিষ্ঠানটোৱে উল্লেখ কৰা মতে এন্ড্ৰয়ড ৪.০.৩ আইচক্ৰীম ছেণ্ডউইছ, আই অ’ এছ ৯ আৰু KaiOS2.5ৰ স্মাৰ্ট ফোনত হোৱাটছএপ বন্ধ হ’ব৷

যিসকলৰ ফোনত পুৰণি ভাৰ্ছনৰ এন্ড্ৰয়ড আৰু আই অ’ এছ আছে তেওঁলোকে আজিৰে পৰা হোৱাটছএপ ব্যৱহাৰ কৰিব নোৱাৰিব৷ অৱশ্যে যিবোৰ স্মাৰ্ট ফোনত এন্ড্ৰয়ড ৪.১ বা তাৰ ওপৰৰ ভাৰ্ছন আৰু আই অ’ এছ ১০ বা তাৰ ওপৰৰ ভাৰ্ছন আছে তেওঁলোকে হোৱাটছএপ ব্যৱহাৰ কৰিব পাৰিব৷ তদুপৰি KaiOS 2.50 বা তাৰ ওপৰৰ ভাৰ্ছনযুক্ত ফোনসমূহতো হোৱাটছএপে কাম কৰিব৷ হোৱাটছএপে কম নকৰা তালিকাত আছে কেইবাটাও ব্ৰেণ্ডৰ ৪০টাৰো অধিক মডেলৰ এন্ড্ৰয়ড আৰু আই অ’ এছযুক্ত ফোন৷

Leave A Reply

Your email address will not be published.