danewsplus.com
danewsplus.com

দেশৰ ক্ৰিকেটপ্ৰেমী এতিয়া হতভম্ব, T-20 বিশ্বকাপ জয়ৰ সপোন ধূলিসাৎ হ’ল ভাৰতৰ

0 110

ডিজিটেল ডেক্সঃ দেশৰ ক্ৰিকেটপ্ৰেমী এতিয়া হতভম্ব৷ T-20 বিশ্বকাপ জয়ৰ সপোন ধূলিসাৎ হ’ল ভাৰতৰ৷ পাকিস্তানৰ হাতত পৰাজয়ৰ পিছত ডুবাইত নিউজীলেণ্ডৰ ওচৰত নিঃচৰ্ত আত্মসমৰ্পণ কৰিলে মহা মহা তাৰকাৰে গঠিত ভাৰতীয় ক্ৰিকেট দল৷ ৮ উইকেটত নিউজীলেণ্ডৰ হাতত পৰাস্ত হ’ল কোহলিৰ দল৷

প্ৰথমে বেটিং কৰি ৭ উইকেট হেৰুৱাই ভাৰতে সংগ্ৰহ কৰে ১১০ ৰান৷ ৯ ৰানতে বিদায় লয় অধিনায়ক কোহলি৷ প্ৰত্যুত্তৰত ১৪.৩ অভাৰত ২ উইকেটত ১১১ ৰান কৰি মেচখনত জয় লাভ কৰে নিউজীলেণ্ডে৷ বিশ্বকাপৰ বাকী খেলকেইখন এতিয়া ভাৰতৰ বাবে মাত্ৰ আনুষ্ঠানিকতা৷ কোনো বৃহৎ অঘটন নঘটিলে ভাৰতে ছেমিফাইনেলত স্থান পোৱাৰ আশা শূন্য এতিয়া৷

Leave A Reply

Your email address will not be published.