danewsplus.com
danewsplus.com

নলবাৰীৰ বাঁহজানীত শোকাৱহ ঘটনা, পুখুৰীত পৰি মৃত্যু দুটি যমজ শিশুৰ

0 166

ডিজিটেল ডেস্কঃ নলবাৰীত শোকাৱহ ঘটনা ৷ পুখুৰীত পৰি মৃত্যু ঘটিল এটা পৰিয়ালৰ কণমানি যমজ সন্তানৰ ৷ জিলাখনৰ বাঁহজানীৰ ঘটনা এয়া ৷ শনিবাৰে দুপৰীয়া হঠাৎ সন্ধানহীন হয় দুলাল ডেকা নামৰ লোকজনৰ দুই শিশু পুত্ৰ নিতুমণি ডেকা আৰু নিকুমণি ডেকা ৷

শিশু দুটি পুখুৰীত পৰা বুলি সন্দেহ হয় স্থানীয় লোকৰ৷ খবৰ দিয়া হয় SDRFক ৷ নিশা হোৱা বাবে SDRFৰ দলে শনিবাৰে অভিযান চলাব নোৱাৰিলে যদিও দেওবাৰে পুৱাই অভিযান আৰম্ভ কৰে SDRFৰ দলটোয়ে ৷ অভিযান আৰম্ভ কৰাৰ পূৰ্বে পুখুৰীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে এটি শিশুৰ মৃতদেহ ৷ ইয়াৰ পিছত SDRFৰ দলে উদ্ধাৰ কৰে আনটো শিশুৰ মৃতদেহ ৷ যমজ শিশু দুটিৰ এই কৰুণ মৃত্যুৱে শোকৰ ছাঁ পেলাইছে অঞ্চলটোত ৷

Leave A Reply

Your email address will not be published.