danewsplus.com
danewsplus.com

ৰাজ্যৰ উপ-নিৰ্বাচনত কি ইছ্যুৱে প্ৰভাৱিত কৰিলে ভোটাৰক? ক’ত আয়োজন হৈছে আগতীয়া দীপাৱলীৰ?

0 571


ডিজিটেল ডেস্কঃ ২ নৱেম্বৰত স্পষ্ট হ’ব উপ-নিৰ্বাচনৰ ফলাফল
ক’ত আয়োজন হৈছে আগতীয়া দীপাৱলীৰ
কি ইছ্যু লৈ ভোটদান ৫ সমষ্টিৰ ভোটাৰৰ
শিবিৰে শিবিৰে চলিছে ৰাজনৈতিক সমীক্ষা

পুৱা ৭ বজাৰ পৰা ৫ সমষ্টিৰ ভোটাৰে সাব্যস্ত কৰিলে নিজস্ব ভোটাধিকাৰ ৷ ভোটদানৰ পাছত যেন ফলাফলক লৈ কনফিডেণ্ট প্ৰতিটো ৰাজনৈতিক দল ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ভোট দিলে অসমৰ ৰাইজে
আত্মবিশ্বাসী বিৰোধী কংগ্ৰেছ, ৰাইজৰ দল



মূল্যবৃদ্ধি ইছ্যু নহয়, উন্নয়নহে বিচাৰিছে অসমৰ জনতাই
পাঁচো সমষ্টিত কনফিডেণ্ট শাসক পক্ষৰ

ইপিনে ৰাইজৰ ৰাজহৰ ধন খৰচ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই হেলিকপ্তাৰ লৈ পাঁচ সমষ্টিত কৰা প্ৰচাৰে বিৰূপ প্ৰভাৱ পেলাইছে সমষ্টিসমূহত ৷ নিৰ্বাচনৰ নামত শাসক পক্ষই ৰাইজৰ ধন খৰচ কৰাটো অসম জনতাই নিবিচাৰে ৷ আনকি কেৱল মাত্ৰ আসন জয়ৰ স্বাৰ্থত মাটিৰ দালাল হিচাপে অভিযুক্ত ফণী তালুকদাৰৰ লগত মুখ্যমন্ত্ৰীৰ নাচ-গান পচন্দ কৰা নাই ভোটাৰ ৰাইজে ৷ যাৰ বাবে কংগ্ৰেছৰ পক্ষত থাকিব উপ-নিৰ্বাচনৰ ফলাফল ৷ অধিক আত্মবিশ্বাসী প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ৷

অকল কনফিডেণ্টেই নহয়,
আগতীয়া দীপাৱলীৰ বাবে সাজু ৰাজীৱ ভৱন
২ নৱেম্বৰত আতচবাজী প্ৰদৰ্শন হ’ব ৰাজীব ভৱনত
সকলোকে নিমন্ত্ৰণ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ


ইছ্যু দিছে ৰাজনৈতিক দলে ৷ ভোটদান কৰিছে ৫ সমষ্টিৰ জনতাই ৷ ইয়াৰ মাজত কোন দলৰ ইছ্যু মান্যতা দিব ৫ সমষ্টিৰ ভোটাৰে সেয়া স্পষ্ট হ’ব ২ নৱেম্বৰত ৷

Leave A Reply

Your email address will not be published.