danewsplus.com
danewsplus.com

ৰাজ্য চৰকাৰৰ নতুন আঁচনি মিছন সদ্ভাৱনাৰ বিষয়ে জানক সবিশেষ

0 339

ডিজিটেল ডেস্কঃ

ফাইলৰ কাম লৈ মানুহ আহিব নালাগিব সচিবালয়লৈ
ৰাজ্য চৰকাৰৰ নতুন পদক্ষেপ “মিছন সদ্ভাৱনা”

ৰাজহ বিভাগৰ মিছন বসুন্ধৰাৰ সফলতাৰ পিছত এইবাৰ চৰকাৰৰ নতুন পদক্ষেপ মিছন সদ্ভাৱনা। জনতা ভৱনত জমা হৈ থকা ফাইলৰ ভিৰ কমাবলৈ চৰকাৰে গ্ৰহণ কৰিছে এই নতুন মিছন। ২০২২ চনৰ ১০ মে ৰ ভিতৰত চৰকাৰৰ হাতত থকা সকলো বিভাগৰ ফাইলৰ কাম নিষ্পত্তি কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰৰ এই বিশেষ মিছন। কি এই মিছন সদ্ভাৱনা?

খানাপাৰা স্থিত প্ৰশিক্ষণ প্ৰাধিকাৰী মহাবিদ্যালয়ত সংবাদমেল আয়োজন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যবাসীক অৱগত কৰে এই নতুন মিছন। এই মিশ্ৰণৰ বাবে ফাইলৰ গৰাকীয়ে সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিব লাগিব নিৰ্দিষ্ট ফাইল নম্বৰ। তাৰ পিছত বিভাগীয় ভাবে ফাইলৰ কাম আগ বঢ়াব কৰ্তৃপক্ষয়ে। ইয়াৰ বাবে বিভাগীয় ভাবে নিয়োগ কৰা হব বিষয়া কৰ্মচাৰী।

অৱশ্যে প্ৰথমৱস্থাত বিগত বিত্তীয় বৰ্ষ লৈকে জমা হোৱা ফাইলৰ কাম হে নিষ্পত্তি কৰিব এই মিছনৰ জৰিয়তে।পৰৱৰ্তী সময়ত সকলো ফাইল সামৰি লব এই মিছনে।

সদ্ভাৱনা আঁচনি ৰ আঁৰত কি
ক’ৰ পৰা আহিল এই মিছন ৰ ধাৰণা
সংবাদ মেলত সেই কথাও খোলোছা কৰিলে মুখ্যমন্ত্ৰীয়ে।

মিছন ৰ লক্ষ্য অনুসৰি জনতা ভৱনত নাথাকিব কোনো দালালৰাজ। লগতে ফাইলৰ নামত হাৰাহাস্তি নহব কোনো লোকৰ। কিন্তু নিজ লক্ষ্য ত উপনীত হব পাৰিব নে ৰাজ্য চৰকাৰ? সঁচাকৈ কোৱা ধৰণে এই মিছন জৰিয়তে সেৱা লাভ কৰিব নে অসমৰ জনতাই?সেয়া সময়ত স্পষ্ট হব।

Leave A Reply

Your email address will not be published.