danewsplus.com
danewsplus.com

শীতৰ আগমনৰ লগে লগে দেশত পুনৰ বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ

0 426

ডিজিটেল ডেক্সঃ শীতৰ আগমনৰ লগে লগে দেশত পুনৰ বাঢ়িছে ক’ৰোনা সংক্ৰমণ৷ অক্টোবৰৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিকভাৱে উৰ্ধ্বগামী হৈছে সংক্ৰমণৰ হাৰ৷ বুধবাৰৰ তুলনাত বিগত ২০ শতাংশ আক্ৰান্তৰ সংখ্যা বৃদ্ধি হ’ল বৃহস্পতিবাৰে৷ বৃহস্পতিবাৰে দেশত নতুনকৈ ক’ৰোনা আক্ৰান্তৰ সংখ্যা ১৬১৫৬ গৰাকী৷ বুধবাৰে আক্ৰান্তৰ সংখ্যা আছিল ১৩৪৫১গৰাকী৷

আক্ৰান্ত বৃদ্ধি পোৱা সমান্তৰালকৈ বৃহস্পতিবাৰে মৃত্যুৰ সংখ্যাও উদ্বেগজনকভাৱে বৃদ্ধি হয়৷ দেশত ৭৩৩গৰাকী ক’ৰোনা আক্ৰান্তই প্ৰাণ হেৰুৱাই বৃহস্পতিবাৰে৷ মৃত্যু হোৱাসকলৰ ৬২২ গৰাকীয়েই হৈছে কেৰালাৰ৷ ইফালে শাৰদীয় দুৰ্গোৎসৱৰ পিছতে ৰাজ্যতো বাঢ়িছে ক’ৰোনা আক্ৰান্তৰ সংখ্যা৷ পূজা মণ্ডপত বাধাহীন সমাগমৰ পৰিণতিত ক’ৰোনাৰ তৃতীয় লহৰৰ আগমনৰ আশংকা কৰা হৈছে৷

২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ আক্ৰান্ত হৈছে ৩২২ গৰাকী৷ এই আক্ৰান্তসকলৰ ১৪১গৰাকী কামৰূপ মহানগৰ জিলাৰ৷ ৰাজ্যত বৃহস্পতিবাৰৰ দিনটোত ২ ক’ৰোনা আক্ৰান্তৰ মৃত্যু হৈছে৷ ইফালে দেশৰ শেহতীয়া পৰিস্থিতিলৈ লক্ষ্য ৰাখি ক’ৰোনা সংক্ৰান্তীয় প্ৰতিবন্ধকতাৰ সময় বৃদ্ধি কৰা হৈছে৷ ৩০ নৱেম্বৰ পৰ্যন্ত ক’ভিড সম্পৰ্কীয় প্ৰতিবন্ধকতা বাহাল ৰখাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰনালয়ে৷ অনাগত সময়ত পৰিস্থিতি সাপেক্ষে প্ৰতিবন্ধকতাৰ সময় বৃদ্ধি কৰা হ’ব৷

ইফালে দেশত ১০০ কোটি ড’জ ভেকচিনেছন সম্পূৰ্ণ হৈছে যদিও দেশৰ গৰিষ্ঠ সংখ্যক লোকে ক’ভিড ভেকচিন নোলোৱাৰ পৰিপ্ৰেক্ষিতত বিশেষজ্ঞমহলে কম সময়ৰ ভিতৰতে ক’ৰোনাৰ তৃতীয় ঢৌ আগমনৰ আশংকা প্ৰকাশ কৰিছে৷ যোৱা এটা সপ্তাহত বৃদ্ধি হোৱা সংক্ৰমণৰ হাৰৰ ধাৰা অব্যাহত থাকিলে ডিচেম্বৰৰ ভিতৰতেই ক’ভিড পৰিস্থিতিৰ দ্ৰুত অবনতিৰ আশংকা কৰা হৈছে৷

Leave A Reply

Your email address will not be published.