danewsplus.com
danewsplus.com

জম্মু-কাশ্মীৰত ভয়ংকৰ দুৰ্ঘটনা,গভীৰ খাদত বাগৰিল যাত্ৰীবাহী বাছ

0 372

ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰ উপত্যকাত ভয়ংকৰ দুৰ্ঘটনা ৷ গভীৰ খাদত বাগৰিল এখন যাত্ৰীবাহী বাছ ৷ ঘটনাত কমেও ৮জনৰ মৃত্যু হোৱাৰ লগতে প্ৰায় ২০জন লোক আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ বৃহস্পতিবাৰে পুৱা থাতৰি-ডোডা সংযোগী পথৰ ছুই গোৱাৰিৰ কাষৰ এটি খাদত বাছখন বাগৰি পৰে ৷ থাতৰিৰ পৰা ডোডায়ালৈ বাছখন গৈ থকা অৱস্থাতেই সংঘটিত হয় দুৰ্ঘটনা ৷

ইতিমধ্যে উদ্ধাৰকাৰী দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান৷ আনহাতে ঘটনাৰ পিছতে টুইট যোগে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে৷

Leave A Reply

Your email address will not be published.