danewsplus.com
danewsplus.com

নগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী

0 145

ডিজিটেল ডেস্কঃ ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা ৷ কেইটামানদিন এনকাউণ্টাৰ পৰ্ব বন্ধ আছিল যদিও নগাঁৱৰ পৰা পুনৰ আৰম্ভ হৈছে এনকাউণ্টাৰ ৷ ৩ দিন পূৰ্বে নগাঁৱত আৰক্ষীৰ গুলীত মণিপুৰৰ ড্ৰাগছ মাফিয়া আৰ কে হপিংচন আহত হোৱাৰ পিছত বুধবাৰে আৰক্ষীৰ গুলী লাগিল ড্ৰাগছ সৰবৰাহকাৰী চিৰাজুল ইছলামৰ ভৰিত ৷ বটদ্ৰৱাৰ কদমনীৰ চিৰাজুলক আটক কৰে কামপুৰৰ কচুৱাৰ পৰা ৷ আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা কৰি গুলীবিদ্ধ চিৰাজুল।


আৰক্ষীৰ দাবী কচুৱাত আটক কৰাৰ পিছত আদালতৰ নিৰ্দেশ অনুযায়ী চিৰাজুলক লগোৱা হোৱা নাছিল হেণ্ডাকাফ ৷ হেণ্ডকাফ নলগোৱাকৈ চিৰাজুলক অনা হৈছিল কদমনীলৈ ৷ কদমনীৰ ঘৰত আৰক্ষীয়ে উদ্ধাৰ কৰে প্ৰায় ৯ লাখ টকাৰ ড্ৰাগছ আৰু এটা বিশেষ সামগ্ৰী থকা বুলি জনায় । চিৰাজুলে নিৰ্মাণৰত এটা ঘৰৰ পৰা ৯ এম এম পিষ্টল উলিয়াই আৰক্ষীক গুলীয়াবলৈ চেষ্টা কৰে, লগে লগে আৰক্ষীয়ে গুলীয়াই চিৰাজুলক ৷


চিকিৎসালয়ত গুলীবিদ্ধ চিৰাজুলৰ দাবী বৰ্তমান ড্ৰাগছ সৰবৰাহত জড়িত নহয় ৷ ড্ৰাগছ সৰবৰাহৰ গোচৰত পূৰ্বে গ্ৰেপ্তাৰ হোৱা চিৰাজুলে জামিনত মুক্তি পাইছিল ৷ তেতিয়াৰ পৰা চিৰাজুলে কৰা নাই ড্ৰাগছৰ সৰবৰাহ ৷ চিৰাজুলৰ পৰিয়ালৰো দাবী এয়া ভুৱা এনকাউণ্টাৰ

নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই সংবাদমেলত জনালে জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ সৰবৰাহত লাগিছিল চিৰাজুল৷ কোনো কাম নকৰাকৈ অট্টালিকা নিৰ্মাণ কৰিছে চিৰাজুলে। পুৰ্বতকৈয়ো বহলভিত্তিত ড্ৰাগছ সৰবৰাহত লাগিছিল চিৰাজুল। কোটি টকাৰ ড্ৰাগছ সৰবৰাহ কৰে চিৰাজুলে। চিৰাজুলক অনুসৰণ কৰি আছিল নগাঁও আৰক্ষীয়ে ৷ নগাঁৱত SP হিচাপে যোগদান কৰাৰ পিছত আনন্দ মিশ্ৰৰ প্ৰথমটো কেছেই আছিল চিৰাজুল৷ কাৰাগাৰৰ পৰা ওলাই চিৰাজুলে মানুহ পঠিয়াইছিল আৰক্ষীৰ ওচৰলৈ৷ আৰক্ষীক চিৰাজুলৰ মানুহে জনাইছিল চিৰাজুলে এতিয়া ড্ৰাগছৰ কাৰবাৰ নকৰে৷ কিন্তু আৰক্ষীয়ে এৰা নাছিল চিৰাজুলৰ পিছা ৷ অৱশেষত কচুৱাত ধৰা পৰে চিৰাজুল ৷


চিৰাজুলৰ গ্ৰেপ্তাৰৰ দুদিন পূৰ্বে নগাঁৱত গুলীবিদ্ধ হৈছিল মণিপুৰৰ ড্ৰাগছ ব্যৱসায়ী৷ আৰক্ষীৰ গুলীত আহত হোৱা
আৰ কে হপিংচনৰ সন্দৰ্ভত চাঞ্চল্যকৰ তথ্য।হপিংচন NSCN (IM)ৰ সদস্য। NIAৰ আদালতত আছে হপিংচনৰ বিৰুদ্ধে গোচৰ।
২০১২ চনৰ পৰা NIAই বিচাৰি ফুৰিছিল ১ কোটি টকাৰ হেৰ’ইনসহ নগাঁৱৰ ননৈত গুলীবিদ্ধ হোৱা আৰ কে হপিংচনক৷ অৰুণাচলৰ তদানীন্তন বিধায়ক কিৰণ আবুৰ এম্বুছটো হপিংচন জড়িত থকাৰ সন্দেহ ৷ কেচু খান্দোতেই সাপ ওলোৱাৰ দৰেই ঘটনা ঘটিছে হপিংচনৰ ক্ষেত্ৰত ৷ প্ৰয়োজনত NIAই হপিংচনক নগাঁৱৰ পৰা জিম্মাত ল’ব পাৰে ৷

Leave A Reply

Your email address will not be published.