danewsplus.com
danewsplus.com

ত্ৰিপুৰাত ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ, জ্বলিছে মছজিদ, ভাঙিছে দোকান-পোহাৰ

0 191

ডিজিটেল ডেস্কঃ অগ্নিগৰ্ভা ত্ৰিপুৰা
ভয়ংকৰ সাম্প্ৰদায়িক সংঘৰ্ষ
জ্বলিছে মছজিদ, ভাঙিছে দোকান-পোহাৰ, যান-বাহন

শান্তি-সম্প্ৰীতি বজাই ৰখাৰ আহ্বান আৰক্ষীৰ

হঠাৎ এক ভয়ংকৰ পৰিস্থিতিৰ মাজত সোমাই পৰিছে অসমৰ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা৷ বাংলাদেশত দুৰ্গাপূজা মণ্ডপত আক্ৰমণ চলোৱা আৰু দুৰ্গা প্ৰতিমা ভঙাৰ প্ৰতিবাদত উত্তৰ ত্ৰিপুৰাৰ চামটিলাত বিশ্ব হিন্দু পৰিষদে উলিওৱা প্ৰতিবাদী ৰেলীৰ মাজতেই ঘটিল অঘটন৷ একাংশ দুষ্কৃতিকাৰীয়ে ভাঙিলে অঞ্চলটোৰ ৰোৱাবজাৰৰ কেইবাটাও বাসগৃহ আৰু বহুসংখ্যক দোকান৷ একাংশ দুষ্কৃতিকাৰীয়ে মছজিদতো আক্ৰমণ কৰে৷

মঙলবাৰে দিনৰ ভাগত ঘটা এই ঘটনাৰ পিছতে নিশা প্ৰায় ১০ বজাত আন একাংশ দুষ্কৃতিকাৰীয়ে উত্তৰ ত্ৰিপুৰাৰ চুৰাইবাৰী জিলাত আন এক আক্ৰমণৰ ঘটনা সংঘটিত হয়৷ ধৰ্মীয় সংখ্যালঘু বসতিপ্ৰধান কদমতলা, প্ৰেমতলা, চুৰাইবাৰী আৰু ফুলবাৰী এলেকাৰ পৰা হাতে হাতে যাঠী-জোং লৈ একাংশ লোক ওলাই আহি আক্ৰমণ কৰে দোকান-পোহাৰ, যান-বাহনত৷

এই ঘটনাক লৈ চুৰাইবাৰী, কদমতলাত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ এই আক্ৰমণৰ ভয়ংকৰ Exclusive দৃশ্য কেৱল Da NEWS PLUSৰ হাতত৷ শ শ লোকে তৰোৱাল, লাঠী আদি লৈ ওলাই আহিল ৰাজপথলৈ৷

ত্ৰিপুৰাৰ চুৰাইবাৰীত এনে পৰিস্থিতি এয়ে প্ৰথম৷ হিন্দু-মুছলমান সম্প্ৰীতিৰে বসবাস কৰা অঞ্চলটোত সৃষ্টি হোৱা এই সংঘাতে আতংকিত কৰি তুলিলে অঞ্চলবাসীক৷ ঘটনাৰ খবৰ পাই সেই স্থানত উপস্থিত হয়গৈ শীৰ্ষ আৰক্ষী বিষয়াসহ বৃহৎ আৰক্ষীৰ দল৷ বহু চেষ্টাৰ ফলত অঞ্চলটোৰ পৰিস্থিতি কিছি শা্ন্ত হয়৷ কিন্তু সাধাৰণ লোক চৰম নিৰাপত্তাহীনতাত ভুগিছে৷ কদমতলা, চুৰাইবাৰীৰ দোকান-পোহাৰ বন্ধ কৰি ৰখা হৈছে৷ চুৰাইবাৰী, পানীসাগৰ সাম্প্ৰদায়িক সংঘাতৰ পিছতে

ধৰ্মপুৰ মহকুমাত জাৰি কৰা হৈছে ১৪৪ ধাৰা
নিষিদ্ধ কৰা হৈছে সমদল, জনসভা
চাৰিজনৰ অধিক লোক গোট খোৱাটো বাধা

ঘটনাৰ সূত্ৰপাত ঘটিছিল মঙলবাৰৰ বিশ্ব হিন্দু পৰিষদৰ ৰেলীৰ সময়ত৷ বাংলাদেশৰ ঘটনাক গৰিহণা দিবলৈ গৈ কৰা প্ৰতিবাদৰ সময়ত ঘটিল বৰ্বৰ ঘটনা৷ ইছলামধৰ্মী সংস্থাই সংবাদ মেল সম্বোধন কৰি শতাধিক মছজিদত আক্ৰমণ হোৱা বুলি দাবী তোলে৷

ঘটনাক লৈ পৰিস্থিতি যাতে অধিক অৱনমিত নহয় তাৰ বাবে চেষ্টা চলাইছে আৰক্ষীয়ে৷ কিন্তু আৰক্ষীৰ সংখ্যা কম হোৱাৰ বাবে আৰক্ষীও কিংকতৰ্ব্যবিমূঢ় হৈ পৰিছে৷ ইয়াৰ মাজতে স্পৰ্শকাতৰ অঞ্চলত মোতায়েন কৰা হৈছে নিৰাপত্তা বাহিনী৷

Leave A Reply

Your email address will not be published.