danewsplus.com
danewsplus.com

অসমত ২ কোটিলৈ বৃদ্ধি ক’ভিড ভেকচিন লোৱা লোকৰ সংখ্যা

0 153

ডিজিটেল ডেস্কঃ অসমত ক’ভিড প্ৰতিষেধক অভিযানৰ সফলতাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে আন এক মাইলৰ খুটি অতিক্ৰম কৰিলে। ৰাজ্যৰ ২ কোটি লোকক ক’ভিড প্ৰতিষেধক অভিযানৰ অধীনত সামৰি ল’বলৈ সক্ষম হ’ল স্বাস্থ্য বিভাগ। ভাৰত চৰকাৰৰ Cowin পৰ্টেলৰ তথ্য অনুসৰি বুধবাৰে বিয়লি ৰাজ্যত প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ সংখ্যাই ২ কোটিৰ সীমা অতিক্ৰম কৰে।

আনহাতে, বুধবাৰে বিয়লি ৩.৩০ বজালৈকে ৰাজ্যৰ ৭৬,০৬,৩৩৭ গৰাকী লোকে দ্বিতীয় পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে। ইয়াকে ধৰি ৰাজ্যবাসীৰ মাজত আজিলৈকে মুঠ ২,৭৬,০৯,৯৬০ পালি ক’ভিড প্ৰতিষেধক প্ৰদান কৰিলে স্বাস্থ্য বিভাগে।
.
ক’ভিড প্ৰতিষেধক অভিযানত অসমে লাভ কৰা এই আশাব্যঞ্জক সফলতাৰ ক্ষেত্ৰত ব্যাপক সঁহাৰি জনোৱাৰ বাবে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে ৰাজ্যৰ চুকে-কোণে, গাঁৱে-ভূঞে এই অভিযানক সফল কৰি তোলাত সবাতোকৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাদী কৰ্মী-সহায়িকা, গাঁওবুঢ়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসনসমূহৰ লগতে জিলা স্বাস্থ্য বিভাগৰ বিষয়াসকলে এই অভিযান সফল কৰাৰ বাবে গ্ৰহণ কৰা ভূমিকাৰো শলাগ লয়।

Leave A Reply

Your email address will not be published.