danewsplus.com
danewsplus.com

কেয়াৰটেকাৰ হিচাপে থকা যুৱকে হত্যা কৰিছিল নেকি বেলতলাৰ বৰুৱা দম্পত্তিক?

0 202

ডিজিটেল ডেস্কঃ বেলতলা ডাবল মাৰ্ডাৰৰ চাঞ্চল্যকৰ মোৰ
হত্যাকাৰী পলাই যোৱা খিৰিকীত আকাশ চৌধুৰীৰ ফিংগাৰ প্ৰিণ্ট
আকাশৰ সৈতে সুৰাপান কৰা যুৱকক আটক

আৰক্ষীয়ে চলাই আছে জোৰদাৰ তদন্ত৷ বিস্ফোৰক তথ্যৰ আঁৰত লাগিছে আৰক্ষী৷ ডাবল মাৰ্ডাৰৰ


প্ৰাইম ছাছপেক্ট কেয়াৰটেকাৰ আকাশ চৌধুৰী
ঘৰৰ দৰ্জা-খিৰিকীত পাইছে আকাশৰ ফিংগাৰপ্ৰিণ্ট
ঘটনাস্থলীৰ বহু ঠাইত পাইছে আকাশৰ ফিংগাৰপ্ৰিণ্ট
ঘৰৰ খিৰিকী ভিতৰৰ পৰা ভাঙিছিল আকাশেই

১৮-২০ বছৰ বৰুৱাৰ ঘৰৰ চৌহদতে আছিল আকাশ চৌধুৰী৷ কেয়াৰটেকাৰ হিচাপে থকা মহিলাগৰাকী বিয়া কৰাই বৰুৱাৰ ঘৰৰ চৌহদত থাকিবলৈ লৈছিল আকাশে৷ আকাশৰ পৰিয়ালটোক নিজৰ সন্তানৰ দৰে চোৱা-চিতা কৰিছিল বৰুৱা দম্পতীয়ে৷ কিন্তু বৰুৱা দম্পতীৰ হত্যাৰ মূল কালপ্ৰিট হিচাপে আৰক্ষীৰ সন্দেহ আকাশৰ ওপৰত৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে বহু তথ্য৷ চিচিটিভিৰ ফুটেজত দেখা গৈছে সন্দেহজনক হত্যাকাৰীৰ আহ-যাহ৷

বৰুৱা দম্পতীক হত্যাৰ নিশা ঘৰটোত প্ৰৱেশ কৰিছিল দুই যুৱকে
৫ মিনিটৰ ব্যৱধানত দুবাৰ প্ৰৱেশ কৰিছিল ঘাতক
দ্বিতীয়বাৰ হাতত লাঠী লৈ ঘৰত প্ৰৱেশ কৰিছিল যুৱকে

মঙলবাৰে পুৱা পোহৰলৈ আহিছিল অৱসৰপ্ৰাপ্ত অভিযন্তা ননী গোপাল বৰুৱা আৰু অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীনা বৰুৱাক হত্যা কৰাৰ ঘটনা৷ সম্পত্তিৰ বাবেই হত্যা হৈছিল নেকি বেলতলাৰ চন্দন নগৰৰ ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাৰ৷ সকলো মূল্যবান সামগ্ৰী ঘৰতে আছিল যদিও মাটি সম্পৰ্কীয় নথি-পত্ৰ হেৰুওৱাৰ সন্দেহ কৰা হৈছে৷ আৰক্ষীয়ে জব্দ কৰিছে

কিছু নথি-পত্ৰ আৰু হত্যাত ব্যৱহাৰ হোৱা বুলি সন্দেহ কৰা এডাল ৰড, এটা পতাগুটি
বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই ২টা ম’বাইল ফোন

আকাশ চৌধুৰীৰ ওপৰতে আৰক্ষীৰ সন্দেহ ঘনীভূত হৈছে আৰু হাজিৰ কৰোৱা হয় আদালতত৷ কিন্তু আকাশে দাবী কৰিছিল তেওঁ হত্যা কৰা নাই বৰুৱা দম্পতীক৷


আকাশৰ এই দাবীৰ বিপৰীতে আৰক্ষীৰ তদন্তই আনহে ইংগিত দিছে৷
মিলা নাই আকাশ আৰু আকাশৰ পত্নীৰ ভাষ্য

ঘটনা সন্দৰ্ভত বুধবাৰে আৰক্ষীয়ে আটক কৰে আন দুজনক৷ ছুইগীৰ ডেলিভাৰী বয় হিচাপে কাম কৰা বুদ্ধদেৱ ওৰফে বাবুল আৰু জোন শইকীয়া নামৰ দুই যুৱকক আটক কৰিছে আৰক্ষীয়ে৷ জোন শইকীয়াই হত্যাৰ আগদিনা আকাশৰ সৈতে সুৰাপান কৰিছিল৷ মঙলবাৰে আৰক্ষীয়ে আটক কৰিছিল আকাশৰ পত্নী বৰুৱা দম্পতীৰ কেয়াৰটেকাৰ হিচাপে কাম কৰা পুতু দাসক৷ দুয়োজনকে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ আৰক্ষীয়ে বৰুৱা দম্পতীৰ বাসগৃহত সাধাৰণ লোকক প্ৰৱেশ কৰিবলৈ দিয়া নাই৷ দা নিউজ প্লাছে চলাই আছে ঘটনাৰ প্ৰকৃত ৰহস্য উদঘাটনৰ চেষ্টা৷

বেলতলাৰ চন্দননগৰৰ ডাবল মাৰ্ডাৰৰ ঘটনাই জোকাৰিছে ৰাজ্য৷ কিন্তু গুৱাহাটীত সঘনাই ঘটিবলৈ লৈছে অপৰাধজনিত ঘটনা৷ ইয়াকে লৈ উদ্বিগন হৈ পৰিছে মহানগৰ আৰক্ষী৷

Leave A Reply

Your email address will not be published.