danewsplus.com
danewsplus.com

বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেছেদৰ নিযুক্ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ

0 347

ডিজিটেল ডেস্কঃ বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেছেদৰ নিযুক্ত জুবিন গাৰ্গ ৷ দেশৰ আগশাৰীৰ বেংকটোৰ কৰ্তৃপক্ষই বুধবাৰে ব্ৰেণ্ড এম্বেছেদৰৰূপে নিযুক্তি দিছে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীক ৷ বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেছেদৰ হিচাপে নিযুক্ত হোৱাৰ ফলত এই বেংকটো অসমৰ জনসাধাৰণৰ ওচৰ চপাত আৰু অধিক ইতিবাচক প্ৰভাৱ পেলাব বুলি আশা কৰা হৈছে ৷

ব্ৰেণ্ড এম্বেছেদৰৰূপে জড়িত হোৱাৰ শুভাৰম্ভণিৰ চিনস্বৰূপে বন্ধন বেংকৰ উদ্যোগত জুবিন গাৰ্গৰ কণ্ঠত এটি নতুন গীতৰ ভিডিঅ’ মুকলি কৰা হৈছে ৷ কণ্ঠশল্পীগৰাকীয়ে অসমৰ অতিকৈ জনপ্ৰিয় বেংকটোৰ সৈতে জড়িত হ’বলৈ পাই আনন্দ প্ৰকাশ কৰিছে ৷

উল্লেখ্য, গানটোত অসমৰ মাটিৰ গোন্ধ থকা বিভিন্ন লোকসংগীতৰ সুৰৰ মিশ্ৰণ ঘটিছে, যেনে- বিহুগীত, চাহ বাগানীয়া গীত, গোৱালপৰীয়া লোকগীত আদি ৷ আনহাতে, গীতৰ ভিডিঅ’টোত অসমৰ পৰম্পৰা, কৃষ্টি-সংস্কৃতি আৰু মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য দেখুওৱা হৈছে ৷ ভিডিঅ’টোত জুবিন গাৰ্গক অসমৰ বিভিন্ন প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ বৈশিষ্ট্যমূলক স্থানত শ্বুটিং কৰা দেখা গৈছে;

য’ত আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ব্ৰহ্মপুত্ৰ নদৰ পাৰ, বোকাময় পথাৰ আৰু অসমৰ চাহ বাগিচা। মিউজিক ভিডিঅ’টো স্থানীয় অসমীয়া প্ৰতিভাৱান কলা-কুশলীৰ দ্বাৰা দৃশ্যগ্ৰহণ কৰোৱা হৈছে৷ ভিডিঅ’টোৰ সংগীত ব্যৱস্থাপনা শেখৰজ্যোতি গোস্বামীৰ আৰু গীতৰ কথা জনপ্ৰিয় গীতিকাৰ শশাংক সমীৰৰ।

গানটোৰ লগতে ভিডিঅ’টোও বন্ধন বেংকে মুকলি কৰিছে আৰু জুবিন গাৰ্গে তেওঁৰ সামাজিক মাধ্যমৰ বিভিন্ন প্লেটফৰ্ম, যেনে- ইউটিউব, ফেচবুক, ইন্‌ষ্টাগ্ৰাম আৰু টুইটাৰত শ্বেয়াৰ কৰে৷ অনলাইন ষ্ট্ৰীমিঙতো গানটো উপলব্ধ হ’ব।

Leave A Reply

Your email address will not be published.