danewsplus.com
danewsplus.com

ৰাজ্যত ক’ভিড সন্দৰ্ভত নতুন নীতি-নিৰ্দেষণা ঘোষণা

0 177

ডিজিটেল ডেক্সঃ ক’ভিড সন্দৰ্ভত নতুন নীতি-নিৰ্দেষণা ঘোষণা। নতুন SOPত হ্ৰাস কৰা হৈছে কাৰ্ফিউৰ সময়। নিশা ১১ বজাৰ পৰা পুৱা ৫ বজালৈ থাকিব কাৰ্ফিউ। নিশা ১০ বজাত বন্ধ কৰিব লাগিব সকলো কৰ্মস্থলী।

বন্ধ কৰিব লাগিব সকলো চৰকাৰী, বেচৰকাৰী কাৰ্যালয়।দোকান-পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠানো বন্ধ হ’ব নিশা ১০ বজাত
প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত আসনৰ ৫০ শতাংশৰ অনুমতি।

বিবাহ, মাংগলিক অনুষ্ঠানত ৫০জন লোকৰ অনুমতি। সকলোৰে বাবে ক’ভিড ভেকচিনৰ এটা ড’জ বাধ্যতামূলক। বিখ্যাত ধৰ্মীয় অনুষ্ঠানত ঘণ্টাত ৬০জনৰ অনুমতি।আন ধৰ্মীয় অনুষ্ঠানত ঘণ্টাত ৪০জন লোকৰ অনুমতি।

সকলোৰে বাবে ক’ভিড ভেকচিন লোৱাটো বাধ্যতামূলক। শেষকৃত্য অনুষ্ঠানত থাকিব পাৰিব ৫০জন লোক। হোটেল, ৰিজ’ৰ্ট খোলা ৰাখিব পাৰিব নিশা ১০ বজালৈ। অব্যাহত ৰাখিব পাৰিব অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ। থিয়েটাৰ-চিনেমা হলৰ ৫০ শতাংশ আসনৰ অনুমতি।

Leave A Reply

Your email address will not be published.