danewsplus.com
danewsplus.com

অভিনেতা ৰাজনীকান্তলৈ দাদা চাহেব ফাল্কে বটাঁ

0 194

ডিজিটেল ডেস্কঃ বলীউড আৰু দক্ষিনৰ ছবিজগতৰ মেগাষ্টাৰ ৰাজনীকান্তলৈ আগবঢ়োৱা হৈছে চলচিত্ৰৰ সৰ্বশ্ৰেষ্ঠ বটাঁ দাদা চাহেব ফাল্কে। দিল্লীৰ বিজ্ঞান ভৱনত সোমবাৰে অনুষ্ঠিত হোৱা ৬৭সংখ্যক ৰাষ্ট্ৰীয় চলচিত্ৰ বটাঁ প্ৰদান অনুষ্ঠানত ৰাজনীকান্তলৈ এই সন্মান আগবঢ়ায় ভাৰতৰ উপ-ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে।

সুদীৰ্ঘ ৪৬ বছৰ ধৰি ছবি জগতত অভিনয়ৰে দৰ্শকৰ মন জয় কৰি আহিছে ৰাজনীকান্তই । প্ৰখ্যাত অভিনেতাজনে এই সন্মান তেওঁৰ গুৰু কে বালাচন্দৰ আৰু বন্ধু ৰাজ বাহাদুৰলৈ উছৰ্গা কৰে। অনুষ্ঠানটোত অভিনেতাজনৰ পত্নী, জীয়ৰী আৰু জোঁৱায়েক ধনুষ উপস্থিত থাকে।

উল্লেখ্য যে অভিনেতা ধনুষে ‘অসুৰণ’ ছবিত অভিনয়ৰ জৰিয়তে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় চলচিত্ৰ বটাঁ লাভ কৰে।


বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰানওতে ‘মনিকৰ্ণিকা’ আৰু ‘পংগা’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বটাঁ লাভ কৰে। লগতে ‘Bhonsle’ ছবিৰ বাবে মনোজ বাজপেইক শ্ৰেষ্ঠ অভিনেতাৰ বটাঁ প্ৰদান কৰা হয়।

Leave A Reply

Your email address will not be published.