danewsplus.com
danewsplus.com

চীনত পুনৰ লকডাউন ঘোষণা

0 313

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বক আতংকিত কৰি চীনত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে ক’ৰোনাৰ সংক্ৰমণ ৷ দেশখনৰ বহু অঞ্চলত পুনৰ লকডাউন ঘোষণা কৰা হৈছে ৷ বাতিল কৰা হৈছে বিমানৰ চলাচল ৷ বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠান ৷ দেশখনৰ উত্তৰ-পশ্চিম প্ৰান্তত ভয়ংকৰভাৱে বৃদ্ধি পাইছে ক’ৰোনাৰ সংক্ৰমণ ৷ বন্ধ কৰি দিয়া হৈছে পাৰ্ক, পৰ্যটন ক্ষেত্ৰসমূহো ৷ বিদেশৰ পৰা অহা পৰ্যটকৰ বাবেই এইদৰে দেশখনত পুনৰ ক’ৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷

শেহতীয়াকৈ আক্ৰান্ত লোকসকলৰ ভিতৰত অধিকাংশই বৰ্ষীয়ান লোক ৷ যোৱা ৫ দিন ধৰি এই অঞ্চলসমূহত ধাৰাবাহিকভাৱে বৃদ্ধি পাই আছে ক’ৰোনাৰ সংক্ৰমণ ৷ পৰ্যটকৰ সংস্পৰ্শলৈ অহা সকলো লোকক পৰীক্ষা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে৷ জনসাধাৰণক প্ৰয়োজন ন’হলে বাহিৰলৈ নোলাবালৈ প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছে ৷

মন কৰিবলগীয়া যে ২০১৯ চনৰ ডিচেম্বৰত চীনৰ য়ুহান চহৰৰ পৰাই প্ৰথম বিশ্বব্যাপী ক’ৰোনা সংক্ৰমণ ঘটিছিল ৷

Leave A Reply

Your email address will not be published.