danewsplus.com
danewsplus.com

নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা

0 170

ডিজিটেল সংবাদ, কলিয়াবৰঃ নগাঁৱৰ কলিয়াবৰত ভয়ংকৰ পথ দুৰ্ঘটনা৷ চাহপাত কঢ়িয়াই অনা ট্ৰাক আৰু বলেৰ’ পিকআপৰ মুখামুখি খুন্দা৷ কলিয়াবৰৰ দেওপানীত নিশা ঘটিল এই দুৰ্ঘটনা৷ যোৰহাট অভিমুখী এখন বলেৰ’ পিকআপ আৰু নগাঁও অভিমুখী চাহপাত কঢ়িওৱা ট্ৰাকখনৰ মাজত মুখামুখিকৈ লাগিল খুন্দা৷

পথ পাৰ হ’ব খোজা গৰুৰ এটা জাকক বচাবলৈ গৈ ট্ৰাকখনত খুন্দা মাৰিলে বলেৰ’ পিকআপখনে৷ ভাঙি চূৰমাৰ হ’ল বলেৰ’ পিকআপখন৷ ট্ৰাকখনৰো সন্মুখভাগ বেয়াকৈ ক্ষতিগ্ৰস্ত হয়৷ গুৰুতৰভাৱে আহত হোৱা বলেৰ’ পিকআপখনৰ চালকজনক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় চিকিৎসালয়ত৷

Leave A Reply

Your email address will not be published.