danewsplus.com
danewsplus.com

সাৱধান হওক! দুষ্ট চক্ৰই আপোনাৰ নথি-পত্ৰৰ জৰিয়তে হৰলুকি কৰিব পাৰে সাঁচতীয়া ধন

0 286

ডিজিটেল ডেস্কঃ সাৱধান হওক! নিজৰ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড আনক দিলেই হ’ব পাৰে বিপদ ৷ আপোনাৰ নথিপত্ৰৰ জৰিয়তে দুষ্টচক্ৰই হৰলুকি কৰিব পাৰে লক্ষাধিক টকা ৷ এনে এক ঘটনা সংঘটিত হৈছে, নগাঁও জিলাৰ বটদ্ৰৱাৰ জাৰামাৰি লাংগিয়া গাঁৱত ৷ গাঁওখনৰ ২নম্বৰ ৱাৰ্ডত এটা দুষ্টচক্ৰই দীৰ্ঘসময়ৰ পৰাই চলাই আহিছে এনে অপৰাধমূলক কাম-কাজ ৷

এশৰো অধিক লোকৰ পান কাৰ্ড, ভোটাৰ কাৰ্ডৰ সহায়ত বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ অজ্ঞাতে সংগ্ৰহ কৰিছে ঋণ ৷ প্ৰতিজন লোকৰ নামত ১০ হাজাৰৰ পৰা লক্ষাধিক টকা সৰকাইছে এটা দুষ্টচক্ৰই ৷ ভুক্তভোগীয়ে নিজৰ একাউণ্ট পৰীক্ষা কৰাত পোহৰলৈ আহিছে এই সমগ্ৰ ঘটনা ৷ ইতিমধ্যে এইসকল লোকে নগাঁও আৰক্ষী অধীক্ষকৰ ওচৰত দাখিল কৰিছে এজাহাৰ ৷

Leave A Reply

Your email address will not be published.