danewsplus.com
danewsplus.com

অভিভাৱকহীন হ’ব নেকি অসম সাহিত্য সভা?

0 620

ডিজিটেল ডেস্কঃ অনিশ্চয়তাত অসম সাহিত্য সভাৰ নিৰ্বাচন
অভিভাৱকহীন হ’ব নেকি অসম সাহিত্য সভা
বিমোৰত সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতি
অনুষ্ঠিত নহ’ব পাৰে লক্ষিমপুৰৰ নাৰায়ণপুৰত হ’ব লগা অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ দ্বি বাৰ্ষিক অধিৱেশন

চৰম অনিশ্চয়তাত অসম সাহিত্য সভাৰ নিৰ্বাচন৷ সাহিত্য সভাৰ অধিৱেশনকলৈও বিমোৰত কেন্দ্ৰীয় সমিতি৷ কিয়নো মহামাৰী কৰোনাৰ বাবে অনুষ্ঠিত নহ’ল

মাজুলীত হ’ব লগা মধ্যকালীন অধিৱেশন
চলিত বৰ্ষৰ জানুৱাৰী মাহতে অনুষ্ঠিত হ’ব লাগিছিল মধ্যকালীন অধিৱেশন
আৰম্ভ হ’ব লাগিছিল নিৰ্বাচনকেন্দ্ৰীক কুচকাৱাজো

কিন্তু কৰোনাৰ সংক্ৰমণৰ বাবে সাহিত্য সভাৰ দুয়োখন অধিবেশনেই এতিয়া চূড়ান্ত অনিশ্চয়তাত৷ কিছুদিন পূৰ্বে লক্ষিমপুৰৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ দ্বি বাৰ্ষিক অধিৱেশনৰ আদৰণি সমিতি গঠন কৰা হৈছিল৷ বিধি অনুসৰি অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ দ্বি বাৰ্ষিক অধিৱেশনখন আগন্তুক বৰ্ষৰ জানুৱাৰী মাহত অনুষ্ঠিত কৰিব লাগে যদিও কৰোনা সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আদৰণি সমিতিয়ে উক্ত অধিৱেশন খন ২০২২ বৰ্ষৰ ডিচেম্বৰত অনুষ্ঠিত কৰাৰহে পোষকতা কৰিছে৷

ইতিমধ্যে আদৰণি সমিতিয়ে কেন্দ্ৰীয় সমিতিলৈ ইয়াৰ বাবে লিখিত আৱেদনো প্ৰেৰণ কৰিছে৷ Da News plusৰ হাতত পৰা তথ্য অনুসৰি আদৰণি সমিতি গঠণ হ’লেও এতিয়াও গঠন হ’বলৈ আছে প্ৰায় ৫৬ খন উপ সমিতি৷ যাৰ বাবে আগন্তুক জানুৱাৰী মাহত অনুষ্ঠিত কৰিবলৈ সাহস কৰিব পৰা নাই অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম পূৰ্ণাংগ দ্বি বাৰ্ষিক অধিৱেশন৷

পাছে অধিৱেশন অনুষ্ঠিত কৰিব নোৱাৰিলেও সাহিত্য সভাৰ নিৰ্বাচনৰ প্ৰসংগতোৱে সভাৰ মজিয়াত ভিতৰি ভিতৰি যথেষ্ট স্থান পাই আছে৷ আমাৰ হাতত পৰা তথ্য অনুসৰি সভাৰ সভাপতি সম্পাদক পদৰ বাবে কেইবাজনো বিশিষ্ট সাহিত্যিকে আৰম্ভ কৰিছে নিজৰ কুচকাৱাজ৷ সভাপতিৰ দৌৰত প্ৰথমেই আছে অসম সাহিত্য সভাৰ বৰ্তমানৰ উপসভানেত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাতৃ
মৃণালিনী দেৱী
সূৰ্য্য হাজৰিকা
জগদীশ পাটগিৰী
প্ৰহ্লাদ চন্দ্ৰ তাছা
আনহাতে সম্পাদকৰ দৌৰত আছে
ৰমা বৰা
দেৱজিত বৰা
উপেন্দ্ৰজিৎ শৰ্মা

ইফালে অসম সাহিত্য সভাৰ বৰ্তমানৰ সমিতিখনে তেওঁলোকৰ কাৰ্যকালত মুঠ ছয়খন কাৰ্যনিৰ্বাহক হ’ব লাগে৷ কিন্তু বৰ্তমানলৈকে সভাৰ বৰ্তমানৰ নেতৃত্বই মাত্ৰ

২খন কাৰ্যনিৰ্বাহক অনুষ্ঠিত কৰিবলৈহে সক্ষম হৈছে
নৱেম্বৰত ডুলীয়াজানত অনুষ্ঠিত হ’ব ৩য়খন কাৰ্যনিৰ্বাহক

ডুলীয়াজানতেই হ’ব সাহিত্য সভাৰ নিৰ্বাচন আৰু ষষ্ঠসপ্ততিতম পূৰ্ণাংগ দ্বি বাৰ্ষিক অধিৱেশনৰ চূড়ান্ত সিদ্ধান্ত৷

Leave A Reply

Your email address will not be published.