danewsplus.com
danewsplus.com

IPLৰ নতুন দল ক্ৰয় কৰিব ৰণবীৰ সিং, দীপিকা পাডুকনে

0 182

ডিজিটেল ডেস্কঃ IPLত নতুনকৈ সংযোজন হ’ব আৰু দুটা দল
নতুন দল ক্ৰয় কৰিবলৈ আন্তৰ্জাতিক পৰ্যায়ত হেঁতা-ওপৰা
আগবাঢ়ি আহিছে ইংলেণ্ডৰ বিশ্বখ্যাত মানচেষ্টাৰ ইউনাইটেডো
আগ্ৰহ প্ৰকাশ কৰিছে ৰণবীৰ সিং, দীপিকা পাডুকনেও
২৫ অক্টোবত ডুবাইত হ’ব নতুন দল দুটাৰ নিলাম

বিশ্বৰ অন্যতম ধনী ক্ৰিকেট প্ৰতিযোগিতা হিচাপে পৰিচিত IPLৰ পৰৱৰ্তী সংস্কৰণত BCCI-এ সংযোজন কৰিব আৰু দুটা দল৷ এই দল দুটাৰ বাবে BCCI-এ ইতিমধ্যে আৰম্ভ কৰিছে নিলাম প্ৰক্ৰিয়া৷ নিলামত দল দুটা ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে বিশ্বৰ আগশাৰীৰ কেইবাটাও কৰ্প’ৰেট গোষ্ঠী৷ গুৱাহাটীৰ লগতে আহমেদাবাদ, লক্ষ্ণৌ, কটক, ৰাঁচীৰ মাজত দুখন মহানগৰে লাভ কৰিব এই দল দুটাৰ HOST CITY হোৱাৰ৷

দল দুটা ক্ৰয় কৰিবলৈ আগ্ৰাহ প্ৰকাশ কৰা বাণিজ্যিক গোষ্ঠীৰ মাজত আছে বিলিয়নাৰ ব্যৱসায়ী নবীন জিন্দাল, আদানি গ্ৰুপ, ব্যৱসায়ী সঞ্জীৱ গোৱেংকা, কটাক গোষ্ঠী, ফাৰ্মাচিউটিকেল জায়েণ্টছ, অৰবিন্দ আৰু টৰেণ্ট গোষ্ঠী আদিয়ে৷ নবীন জিন্দালে কটক মহানগৰক ভিত্তি কৰি দল গঠনৰ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে৷

ইফালে ৰাগবী, ফৰ্মুলা ৱান ৰেচিং আদিৰে জড়িত আমেৰিকাৰ প্ৰখ্যাত কোম্পানী কৰ্প’ৰেট ভেঞ্চাৰ কেপিটেল চমুকৈ CVC-য়েও এটা দল ক্ৰয় কৰিবলৈ চেষ্টা আৰম্ভ কৰিছে৷ কিন্তু সকলোতকৈ তাৎপৰ্যপূৰ্ণ কথাটো হৈছে বিশ্বৰ প্ৰখ্যাত আৰু অন্যতম ধনী ফুটবল দল মানচেষ্টাৰ ইউনাইটেডেও আগ্ৰহ প্ৰকাশ কৰাতো৷ টেণ্ডাৰ সংগ্ৰহ কৰা প্ৰক্ৰিয়া ইতিমধ্যে যোৱা ২০ অক্টোবৰত সামৰণি পৰিছে৷

মুঠ ২০টা কৰ্প’ৰেট গোষ্ঠীৰ আগ্ৰহ প্ৰকাশ IPLৰ নতুন দল ক্ৰয় কৰিবলৈ
প্ৰতিটো দল ক্ৰয়ৰ ভিত্তি মূল্য ২ হাজাৰ কোটি টকা

বলীউডৰ জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীযুগল ৰণবীৰ সিং আৰু দীপিকা পাডুকনো IPLৰ নিলাম প্ৰক্ৰিয়াত অংশ ল’বলৈ আগবাঢ়ি অহাত দল ক্ৰয়ৰ যুঁজখন আকৰ্ষণীয় হৈ পৰিছে৷ দীপিকা পাডুকন ক্ৰীড়া ক্ষেত্ৰৰ লগত পিতৃ প্ৰাক্তন অলিম্পিয়ান, অল ইংলেণ্ড বেডমিণ্টন চেম্পিয়ন প্ৰকাশ পাডুকনৰ কন্যা সূত্ৰে জড়িত হৈ আছে৷ আনহাতে ৰণবীৰ সিং হৈছে প্ৰখ্যাত বাস্কেটবল লীগ NBAৰ ব্ৰেণ্ড এম্বেচাডৰ৷

২৪ অক্টোবৰৰ পৰা বহু প্ৰতীক্ষিত ভাৰত-পাক খেলৰ পিছতে হ’ব IPLৰ নিলাম

এই নিলামত এতিয়া কোন বাণিজ্যিক গোষ্ঠীয়ে IPLৰ নতুন দল ক্ৰয়ৰ যুঁজত জয়ী হ’ব, সেয়া হ’ব লক্ষণীয়৷

Leave A Reply

Your email address will not be published.