danewsplus.com
danewsplus.com

বিদেশী যাত্ৰীৰ বাবে বিমানবন্দৰত এতিয়াৰে পৰা নতুন নিয়ম

0 145

ডিজিটেল ডেস্কঃ বৰ্তমান ক’ৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদেশী যাত্ৰীসকলৰ বাবে দেশৰ বিমানবন্দৰসমূহত বলৱৎ হ’ব নতুন নিয়ম ৷ যিসকল যাত্ৰীয়ে বিমান যাত্ৰাৰ ১৫ দিন পূৰ্বে বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন কৰা দুটা টিকা লোৱাৰ প্ৰমাণ দিব পাৰিব আৰু বিমানবন্দৰত ক’ৰোনাৰ RTPCR পৰীক্ষাৰ নিগেটিভ ৰিপ’ৰ্ট দেখুৱাব পাৰিব, সেইসকল যাত্ৰীক বিমানবন্দৰৰ পৰাই ঘৰলৈ যাবলৈ দিয়া হ’ব ৷

সোমবাৰৰ পৰা বিমানবন্দৰসমূহত বলৱৎ হ’ব এই নিয়ম ৷ অৱশ্যে সকলো দেশৰ যাত্ৰীয়ে এই সুবিধা নাপায় ৷ বিশ্ব স্বাস্থ্য সংস্থাই অনুমোদন জনোৱা টিকাক মান্যতা দিয়াৰ বাবে যি ১১খন দেশৰ সৈতে ভাৰতে চুক্তি কৰিছে, সেই দেশসমূহৰ যাত্ৰীয়েহে এই সুবিধা পাব ৷ এই ১১ খন দেশৰ ভিতৰত আছে ফ্ৰান্স, জাৰ্মানী, বেলজিয়াম, হাংগেৰী, আমেৰিকা, নেপাল, ইউক্ৰেইন আদি ৷ এই দেশসমূহৰ যাত্ৰীয়ে ইতিমধ্যে কোৱা চৰ্ত দুটা মানিলে বিমানবন্দৰৰ পৰাই মুক্তি পাব ৷


Leave A Reply

Your email address will not be published.