danewsplus.com
danewsplus.com

থাওৰাত নতুন মেডিকেল কলেজ স্থাপনৰ কথা ঘোষণা মুখ্যমন্ত্ৰীৰ

0 234

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ থাওৰাত উপ-নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীৰ প্ৰচাৰ ৷ দিনজোৰা কাৰ্যসূচীৰে বৃহস্পতিবাৰে থাওৰাত উপস্থিত হোৱাৰ পিছত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমষ্টিটোৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ হৈ চলালে প্ৰচাৰ ৷

মুখ্যমন্ত্ৰীৰ সৈতে এই নিৰ্বাচনী প্ৰচাৰত ভাগ ল’লে মন্ত্ৰী পীয়ূষ হাজৰিকা, ৰণোজ পেগু, প্ৰাক্তন বিধায়ক কুশল দুৱৰী ৷ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে থাওৰাত নিৰ্মাণ কৰা হ’ব এখন মেডিকেল কলেজ ৷

তেওঁ আৰু কয় যে, বন্ধন বেংকৰ ঋণ মাফ কৰা হ’ব ৷ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ইয়াৰ কাম ৷ শিৱসাগৰৰ পৰাই এই কাম আৰম্ভ হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে ৷ তেওঁ আৰু কয় সুশান্ত বৰগোহাঁয়ে জন্মভূমিৰ বাবেহে কংগ্ৰেছ এৰি বিজেপিলৈ আহিছে ৷

Leave A Reply

Your email address will not be published.