danewsplus.com
danewsplus.com

পশুপক্ষীৰ খাদ্যৰ বাবে মাকৈ, ছয়াবিন খেতিৰ প্ৰস্তুতি অসম কৃষি বিশ্ববিদ্যালয়ৰ

0 524

ডিজিটেল সংবাদ, যোৰহাটঃ মাংস আৰু কণী উৎপাদনৰ দিশেৰে স্বাৱলম্বীতাৰ বাবে প্ৰয়োজনীয় পশুপক্ষীখাদ্য প্ৰস্তুতৰ দিশত অসমক স্বাৱলম্বী কৰি অসমৰ কৃষিক্ষেত্ৰত বৈপ্লবিক পৰিবৰ্তনৰ সূচনা কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে অসম কৃষি বিশ্ববিদ্যালয়ে। ইয়াৰ বাবে এনে খাদ্যৰ মূল কেচামাল মাকৈ আৰু ছয়াবিন খেতি লাভজনক খেতি হিচাপে সম্প্ৰসাৰণ কৰি বাণিজ্যিক ভাবে ইয়াৰ জৰিয়তে পশু-পক্ষীৰ প্ৰয়োজনীয় খাদ্য উপাদান তৈয়াৰ কৰি মাংস উৎপাদন আৰু কণী উৎপাদনত অসমক স্বাবলম্বী কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে।

অসম কৃষি বিশ্ববিদ্যালয়ে জিলা কৃষি বিষয়া, কৃষি বিজ্ঞানী আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ যুটীয়া সমন্বয়ৰ জৰিয়তে মঙলবাৰে অসম কৃষি বিশ্ববিদ্যালয়ত হোৱা উচ্চস্তৰীয় আলোচনাৰ পাছত উজনি অসমত ১০ হাজাৰ হেক্টৰ ভূমিত মাকৈ আৰু ১ হাজাৰ হেক্টৰ ভূমিত গোমধানৰ খেতিৰ কৰা সম্ভাৱনাৰ কথা ব্যক্ত কৰিছে। মাংস আৰু কণী উৎপাদনত অসমক স্বাবলম্বী কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ সমান্তৰালভাবে এই দিশত সকলো দিশ পৰ্যালোচনা কৰি সম্পদ, প্ৰত্যাহ্বান আৰু সম্ভাৱনাৰ সকলো দিশ বিশ্লেষণ কৰাৰ বাবে আচনি যুগুত কৰা হৈছে।

৯খন জিলাৰ জিলা কৃষি বিষয়া সকলে জিলাসমূহত মাকৈ আৰু ছয়াবীন খেতিৰ সম্ভাবনীয়তাৰ ওপৰত বাখ্যা আগবঢ়োৱা আলোচনাত বক্তব্য ৰাখি অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই কয় যে, পশুখাদ্য বা জীৱজন্তুৰ বাবে প্ৰয়োজনীয় খাদ্যাভাষৰ বাবে আমাৰ প্ৰয়োজনীয় কেচামালৰ উৎপাদন বৰ কম। সেয়ে মাংস আৰু কণী উৎপাদনৰ লগত জড়িত আমাৰ কৃষক সকলে সদায় আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়ে খৰচ বেছি হৈ কৃষকসকলৰ লাভ কম হয়। তাৰ বিপৰীতে প্ৰয়োজনীয় কেচামাল আমি নিজেই উৎপাদন কৰি কৃষকক লাভান্বিত কৰোৱাৰ বাবে চিন্তা কৰিব লাগিব। চৰকাৰে ২০২৬ চনৰ ভিতৰত মাংস আৰু কণী উৎপাদন দুগুণ কৰাৰ বাবে লোৱা পদক্ষেপত আমি পদ্ধতিগতভাবে সহযোগিতা আগবঢ়াই কেচামাল উৎপাদনত অসমক স্বাবলম্বী কৰিব বিচাৰিছো ।
পদ্ধতিগতভাবে গৱেষণা আৰু আচনিৰে আগবাঢ়ি আমি কৃষিত বৈপ্লবিক পৰিবৰ্তনৰ সূচনা কৰাৰ বাবে সকলো আগবাঢ়িব লাগিব। তাৰবাবে অঞ্চলভিত্তিক পৰিকল্পনা কৌশল কৰি প্ৰত্যাহ্বান মোকাবিলা কৰি সম্ভাৱনীয়তাৰ সৃষ্টি কৰিব লাগিব। বৰ্তমান সকলোৰে মনত কিবা এটা কৰিব লাগে ধাৰণাক আমি সাকাৰ কৰিব লাগিব।

আলোচনাত অংশ লৈ যোৰহাটৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে কয় যে, বিভিন্ন দিশেৰে কৃষি ক্ষেত্ৰৰ উদ্যোগ তথা উদ্যোগীক আগবঢ়াই নিব লাগিব। আলোচনাৰ জৰিয়তে অহা ধাৰণাসমূহ কৃষকৰ মাজলৈ লৈ যাব লাগিব। তাৰবাবে অসম কৃষি বিশ্ববিদ্যালয়ে লোৱা পদক্ষেপ সমূহে সঠিক দিশত অসমৰ কৃষিক্ষেত্ৰত পৰিবৰ্তনৰ ফালে নিব পাৰিব আৰু কৃষিৰ জৰিয়তে ছ’ছাইটিখনক আগুৱাই নিয়াটোও সম্ভৱ হব।
কৃষি গৱেষণা সঞ্চালক ড° অশোক ভট্টাচাৰ্যই আলোচনাত অংশ লৈ কয় যে, গৱেষণা বাণিজ্যিকভাবে লাভবান হব পৰা হব লাগিব। কৃষি আৰু বাণিজ্য একেলগে আগবঢ়াই নিব লাগিব। তাৰ বাবে আমি পদক্ষেপ হাতত লৈছো আৰু সকলোৱে সহযোগ কৰিলে আগবাঢ়িব পাৰিম বুলি ভাবিছো । কৃষি বিভাগ, পশুপালন, মীন, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু অসম কৃষি বিশ্ববিদ্যালয় একেলগে আগবাঢ়িলে সফল নোহোৱাৰ কথাই নাই ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক তপন গোহাই য়ে আত ধৰা আলোচনাত সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড° প্ৰসন্ন কুমাৰ পাঠকে কয় যে আমি সকলোকে দেখুৱাই দি আদৰ্শ ব্যৱস্থা দেখুৱাব লাগে । বিকল্প কৃষিৰ জৰিয়তে লাভৱান কৰিবৰ বাবে কৃষকক আগ্ৰহান্বিত কৰিব লাগে। আলোচনাত চৰাইদেউ, তিনিচুকীয়া, শিৱসাগৰ, ডিব্ৰুগড়, লক্ষীমপুৰ, ধেমাজি, যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাৰ কৃষি বিষয়াসকলে জিলাসমুহত মাকৈ আৰু ছয়াবিন খেতিৰ সম্ভাৱনীয়তা আৰু সমস্যাৰ বিষয়ে কয়।

কৃষি উদ্যোগী তথা বাহুবলী কণীৰ উৎপাদক আকাশ গগৈয়ে আলোচনাত এক অডিঅ ভিজুৱেল প্ৰেজেন্টেশ্যন আগবঢ়ায় । এই আলোচনাত কৃষি প্ৰযুক্তি কি কি দিশত কেনেকৈ আগবঢ়াই কৃষকৰ পথাৰলৈ নিলে উপকৃত হব। ভৱিষ্যতৰ দিনৰ বাবে সমন্বয় ৰক্ষাৰ বাবে পৰিকল্পনা আৰু বিভিন্ন বিভাগক সমন্বয় ঘটোৱাৰ বাবে প্ৰয়াস কৰাৰ লগতে আলোচনাৰ সিদ্ধান্তসমূহ ৰাজ্যৰ কৃষি সঞ্চালকক বিশ্ববিদ্যালয়ে পৰামৰ্শ হিচাপে জনোৱাৰ সিদ্ধান্ত লয়।

Leave A Reply

Your email address will not be published.