danewsplus.com
danewsplus.com

ভাৰতত বাঢ়িছে ভোকাতুৰৰ সংখ্যা, ক্ষুধা সূচাংকত কিমান নম্বৰ স্থানত আছে ভাৰত?

0 494

ডিজিটেল ডেস্কঃ ভোকাতুৰৰ সংখ্যা বাঢ়িছে ভাৰতত। Global Hunger Indexৰ তথ্যত লজ্জিত স্থানত ভাৰত৷ ক্ষুধা সূচাংকত ১০১ নম্বৰ স্থানত আছে ভাৰত৷ বিগত বৰ্ষত ৯৪ স্থানত থকা ভাৰতত ১ বছৰৰ ভিতৰত বাঢ়িছে ক্ষুধাৰ্ত৷ যাক লৈ কেন্দ্ৰীয় চৰকাৰক সমালোচনা বিৰোধীৰ। GHI সূচকত লজ্জাজনক স্থানত ভাৰত। নেপাল, বাংলাদেশ, পাকিস্তানৰ লগতো তুলনা নহয় ভাৰতৰ। ভোকাতুৰ দেশৰ ভিতৰত ১০১ নং স্থানত ভাৰত।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শাসনকালত ভাৰতবৰ্ষ বিশ্ব গুৰু হ’বনে? ইয়াকলৈ সমগ্ৰ দেশতে চলি থকা চৰ্চাৰ মাজত ওলাল এক ভয়ংকৰ তথ্য৷ বিশ্বৰ ১১৬খন দেশৰ মাজত চলা ক্ষুধা সূচাংক তালিকাত ভাৰতে স্থান পাইছে ১০১ নম্বৰত৷ Global Hunger Index নামৰ সংস্থাটোৱে বিশ্বৰ ১১৬ খন দেশৰ ভিতৰত চলাইছিল ভোকাতুৰৰ সমীক্ষা। যি সমীক্ষাত উন্মোচিত হ’ল ভাৰতৰ শোচনীয় ৰূপ৷ ইয়াৰ বিপৰীতে সৌ সিদিনা লৈকে ভাৰতৰ ওপৰত নিজৰ অৰ্থনীতি নিৰ্ভৰ কৰা নেপাল, বাংলাদেশ, ম্যানমাৰ, পাকিস্তানৰ দৰে দেশো ভাৰতৰ ক্ষুধাৰ তুলনাত স্থান পাইছে সমীক্ষাৰ বহু ওপৰত৷ যাক লৈ সমালোচনা বিৰোধী কংগ্ৰেছৰ৷
ভাৰতৰ এই শোচনীয় অৱস্থাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে বিজেপি চৰকাৰক জগৰীয়া কৰিলে ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই৷উল্লেখ্য যে একেটা সমীক্ষাতেই ২০২০ চনত ভাৰতৰ স্থান আছিল ৯৪ নম্বৰত৷ কিন্তু এটা বৰ্ষৰ ভিতৰত অধিক নিম্নগামী হ’ল ভাৰতৰ ক্ষোধাৰ হাৰ৷ কিন্তু ইয়াৰ বিপৰীতে চুবুৰীয়া দেশ নেপালে ৭৬ আৰু ম্যানমাৰে লাভ কৰিছে ৭১ নম্বৰৰ স্থান৷ এতিয়া প্ৰশ্ন হয়, চবকা সাথ চবকা বিকাশ মন্ত্ৰেৰে দেশ চলোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন চৰকাৰখনে পৰৱৰ্তী সময়ত global hunger indexৰ তথ্যক কিদৰে গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয়।

Leave A Reply

Your email address will not be published.