danewsplus.com
danewsplus.com

পুনৰ সংঘটিত হ’ল ভয়ংকৰ নাও দুৰ্ঘটনা

0 411

ডিজিটেল ডেস্কঃ এইবাৰ বাক্সাৰ শালবাৰীৰ খাগ্ৰাবাৰীত সংঘটিত হ’ল ভয়ংকৰ নাও দুৰ্ঘটনা। বেঁকী নৈত সংঘটিত হৈছে এই ভয়াৱহ নাও দুৰ্ঘটনা। ঘটনাত সন্ধানহীন এগৰাকী মহিলা। এখন নাওৰে ১০ জনকৈ যাত্ৰী পাৰ হৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনাটো।

খবৰ অনুসৰি নাওৰে বেঁকী নদী পাৰ হৈ দিন হাজিৰা কৰা শ্ৰমিকৰ ১০ জনীয়া এটা দল কামলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই ভয়াৱহ ঘটনাটো। নাওখনত থকা ৯ জন যাত্ৰী উদ্ধাৰ হৈছে যদিও এগৰাকী মহিলা এতিয়াও সন্ধানহীন হৈ আছে। ইপিনে গুৰুতৰভাৱে আহত সাত গৰাকীক বৰপেটাৰোড অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

ইতিমধ্যে ঘটনাস্থলিত উপস্থিত হৈ গোৱৰ্দ্ধনা আৰক্ষীৰ লগতে SDRF ৰ এটি দলে আৰম্ভ কৰিছে অভিযান। SDRF ৰ দলটোৱে ৰাইজৰ সহযোগত উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এতিয়ালৈকে মহিলা গৰাকীৰ কোনো সন্ধান পোৱা নাই।

Leave A Reply

Your email address will not be published.