danewsplus.com
danewsplus.com

প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ

0 425

ডিজিটেল ডেস্কঃ দিল্লীৰ এইমছত চিকিৎসাধীন প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ৷ জ্বৰ আৰু দুৰ্বলতাৰ বাবে বুধবাৰে বিয়লি AIIMS ত ভৰ্তি কৰোৱা হৈছিল ড° সিঙক৷

AIIMSৰ কাৰ্ডিঅ’-নিউৰো বিভাগত বৰ্তমান চিকিৎসাধীন হৈ আছে তেওঁ৷ বিশেষজ্ঞ চিকিৎসকৰ দলে নিৰন্তৰ চকু ৰাখিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ ওপৰত৷ বৃহস্পতিবাৰে বিয়লি কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুজ ল’লে ড০ সিঙৰ স্বাস্থ্যৰ অৱস্থাৰ৷ কেন্দ্ৰীয়মন্ত্ৰী মনছুখ মণ্ডাবিয়াইও ইতিমধ্যে তেওঁৰ স্বাস্থ্যৰ বুজ লৈছে৷

Leave A Reply

Your email address will not be published.