danewsplus.com
danewsplus.com

বলীউডৰ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফৰ শৰীৰ চৰ্চাবিদ কেইজাড কাপাডিয়াৰ মৃত্যু

0 501

ডিজিটেল ডেক্সঃ বলীউডৰ জনপ্ৰিয় অভিনেতা টাইগাৰ শ্ৰফৰ শৰীৰ চৰ্চা বিদ কেইজাড কাপাডিয়াৰ মৃত্যু । ইনষ্টাগ্ৰামত এখন ফটো শ্বেয়াৰ কৰি শেষ শ্ৰদ্ধা জনালে অভিনেতাজনে । ক’ভিডত আক্ৰান্ত হৈ ৪৯ বছৰ বয়সত বুধবাৰে মৃত্যু হয় কেইজাড কাপাডিয়াৰ ।

উল্লেখ্য যে, আকৰ্ষণীয় শৰীৰৰ বাবে টাইগাৰ শ্ৰফ যথেষ্ট জনপ্ৰিয় অনুৰাগীসকলৰ মাজত। অতি কম সময়ৰ ভিতৰত জনপ্ৰিয় হোৱা টাইগাৰ শ্ৰফৰ শৰীৰ চৰ্চাৰ আৰত থকা বিশেষ ব্যক্তি জনেই আছিল কেইজাড কাপাডিয়া ।

দীৰ্ঘদিন ধৰি টাইগাৰে তেঁওৰ ওচৰত শৰীৰ চৰ্চাৰ প্ৰশিক্ষণ গ্ৰহন কৰি আহিছিল । প্ৰশিক্ষক গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰে অভিনেতা জনে ।

তেঁওৰ এখন ফটো শ্বেয়াৰ কৰি REST IN POWER kaizzad sir লিখি শেষ শ্ৰদ্ধা জনায় অভিনেতাগৰাকীয়ে। ইয়াৰ উপৰিও বলীউডৰ বহু জনপ্ৰিয় তাৰকাই তেঁওৰ ওচৰত প্ৰশিক্ষন লৈছিল । মুম্বাইৰ জুহুত থকা কে১১ একাডেমী অফ ফিটনেছ চাইঞ্চৰ ষ্বত্বাধিকাৰী আছিল কেইজাড কাপাডিয়া।

Leave A Reply

Your email address will not be published.