danewsplus.com
danewsplus.com

সীমা সমস্যা সমাধানৰ বাবে গুৱাহাটীত উপস্থিত মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং

0 157

ডিজিটেল ডেস্কঃ অসম-মেঘালয়ৰ সীমা সমস্যা সমাধানৰ বাবে শনিবাৰে গুৱাহাটীত উপস্থিত হয় মেঘালয়ৰ উপ-মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচং সহ মন্ত্ৰী-বিধায়কৰ এটা দল৷ মন্ত্ৰী পীযূষ হাজৰিকা, বিধায়ক অতুল বৰা আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৰ সৈতে এই দলটোৱে পৰিদৰ্শন কৰে অসম-মেঘালয়ৰ বিবদমান এলেকা গুৱাহাটীৰ বৰপথাৰ, গণেশ নগৰ আৰু পিলিংকটা ৷

উল্লেখ্য যে, প্ৰতিনিধি দলটোৱে ৰাইজৰ মতামত গ্ৰহণ কৰি সেই বিষয়ে জনাব মুখ্যমন্ত্ৰীক৷ দুয়োখন ৰাজ্যৰ সীমা সমস্যা শীঘ্ৰেই সমাধান হোৱাৰ আশা ব্যক্ত কৰে মেঘালয়ৰ প্ৰতিনিধি দলটোৱে৷ এসপ্তাহ পূৰ্বে সীমা সমস্যা সম্পৰ্কত দুয়ো ৰাজ্যৰ প্ৰতিনিধি আলোচনাত মিলিত হৈছিল৷ সেই বৈঠকত উপস্থিত আছিল অতুল বৰা আৰু উপায়ুক্ত বিশ্বজিৎ পেগু৷

Leave A Reply

Your email address will not be published.