danewsplus.com
danewsplus.com

বন বিভাগত মৃত ব্যক্তিৰ নামত ওলাল বদলিৰ নিৰ্দেশ

0 316

ডিজিটেল সংবাদ, কৰিমগঞ্জঃ বন বিভাগৰ আজৱ কাণ্ড। মৃত ব্যক্তিৰ নামত ওলাল বদলিৰ নিৰ্দেশ। এজন নহয়, দুজনকৈ মৃত ব্যক্তিৰ নামত ওলাল বদলিৰ নিৰ্দেশ| শুনিবলৈ আচৰিত লাগিলে এয়াই সত্য| মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগত এই নাভূত-নাশ্ৰুত কাণ্ডক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

৭ অক্টোবৰত ৰাজ্যৰ বন বিভাগৰ বহু ৰেঞ্জাৰক বদলিৰ নিৰ্দেশ জাৰি কৰা হৈছিল| বদলিৰ নিৰ্দেশ পোৱাৰ পাছত চকু কপালত উঠিল বন বিভাগৰ বিষয়া-কৰ্মীৰ৷ কাৰণ ২০১৯ৰ ১৭ ছেপ্টেম্বৰতে মৃত্যু হোৱা তাপস কুমাৰ নুনিচা নামৰ ৰেঞ্জাৰজনৰ নামতো ওলাল বদলিৰ নিৰ্দেশ| যোৱা সাত অক্টোবৰৰ নিৰ্দেশত তেঁওক কৰিমগঞ্জ বন সংমণ্ডলৰ অধীনৰ কালাইন ৰেঞ্জত বদলি কৰা হৈছিল|

অকল এয়াই নহয়, ধুবুৰীৰ প্ৰটেকচন ৰেঞ্জৰ পৰা মৃত ৰেঞ্জাৰ বিনোদ কুমাৰ নাথক ধেমাজি ৰেঞ্জত বদলিৰ নিৰ্দেশ দিয়া হয়৷ বন বিভাগৰ এনে আজৱ কাণ্ডক লৈ তীব্ৰ ক্ষোভ ব্যক্ত কৰিলে কংগ্ৰেসৰ কাৰ্যকৰি সভাপতি কমলাক্ষ দে পুৰকায়স্থয় | ঘটনাক লৈ বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যক তীব্ৰ সমালোচনা কৰাৰ লগতে বন বিভাগক মৃত বিভাগ বুলি আখ্যা দিয়ে কমলাক্ষই৷

Leave A Reply

Your email address will not be published.