danewsplus.com
danewsplus.com

এইবাৰ বন্যহস্তীৰ আক্ৰমণত যুৱতীৰ মৃত্যু

0 135

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ। এইবাৰ গোলাঘাটৰ নুমলীগড়ৰ চাহ বাগিচাত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে এগৰাকী যুৱতীৰ ৷ মৰঙী চাহ বাগিচাত পুৱা ঘটিল এই অঘটন৷ হাতীৰ গচকত থিতাতে নিহত হয় জ্যোতি তাঁতী নামৰ যুৱতীগৰাকী৷

এই ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে বাগিচাখনত৷ শ্ৰমিকসকলে কাম-কাজ বন্ধ কৰি হাতীৰ উপদ্ৰৱ ৰোধ কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ৷ উল্লেখ্য যে, চলিত বৰ্ষত বৰ্তমান পৰ্যন্ত অঞ্চলটোত হাতীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছে ১১জনকৈ লোকে৷

Leave A Reply

Your email address will not be published.