danewsplus.com
danewsplus.com

ৰাজকন্যাৰ গোচৰৰ নতুন মোৰ, চাকৰিৰ পৰা নিলম্বন হ’ব পাৰে যান-বাহন শাখাৰ উপ পৰিদৰ্শক

0 398

ডিজিটেল ডেস্কঃ ৰাজকন্যা কাণ্ডৰ বাবে এইবাৰ বিপদত পৰিল যান-বাহন শাখাৰ উপ পৰিদৰ্শক চাহিৰ আলি। চাকৰিৰ পৰা নিলম্বন হ’ব পাৰে যান-বাহন শাখাৰ উপ পৰিদৰ্শকগৰাকী।

উল্লেখ্য যে, ৰাজকন্যাই দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ক্ষেত্ৰত গাফিলতি কৰিছিল এছ আই চাহিৰ আলিয়ে। ৰাজকন্যাই সুৰাপান কৰিছিল নে নাই তাৰ পৰীক্ষা কৰা হোৱা নাছিল মেডিকেলত। যাৰ ফলত গোচৰটোৰ এজাহাৰত উল্লেখ নাছিল ৰাজকন্যাই সুৰাপান কৰাৰ কথা।

ইতিমধ্যে নতুন তদন্তকাৰী বিষয়া যোগানন্দ বড়োয়ে এই লৈ তদন্ত আৰম্ভ কৰিছে। ইপিনে জাননী পোৱাৰ পিছতে দিছপুৰ আৰক্ষী থানাত হাজিৰ হৈছে GNRCৰ অধীক্ষক সুব্ৰত ভাগৱতী আৰু চিকিৎসক নভনীল বৰুৱা। দুয়োজনকে জেৰা চলাই তদন্তকাৰী বিষয়াই চিকিৎসক আৰু চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৰাজকন্যাক ৰাজ আতিথ্য দিয়াৰ তথ্য প্ৰমাণ লাভ কৰিছে।

Leave A Reply

Your email address will not be published.