danewsplus.com
danewsplus.com

IPLৰ ৫৩সংখ্যক মেচত পাঞ্জাব কিংছৰ হাতত পৰাস্ত হ’ল ধোনীৰ চেন্নাই ছুপাৰ কিংছ

0 122

ডিজিটেল ডেক্সঃ IPLৰ ৫৩সংখ্যক মেচত পাঞ্জাব কিংছৰ হাতত পৰাস্ত হ’ল ধোনীৰ চেন্নাই ছুপাৰ কিংছ৷ নিশা ডুবাইত অনুষ্ঠিত মেচখনত প্ৰথমে বেটিং কৰি চেন্নাই ছুপাৰ কিংছে ৬ উইকেটৰ বিনিময়ত ১৩৪ ৰান সংগ্ৰহ কৰে৷ প্ৰত্যুত্তৰত পাঞ্জাব কিংছে অধিনায়ক লোকেশ ৰাহুলৰ অপৰাজিত বিস্ফোৰক ৯৮ ৰানৰ সহায়ত ৪ উইকেট হেৰুৱাই জয়ৰ লক্ষ্যত উপনীত হয়৷

আনহাতে, শ্বাৰজাহত অনুষ্ঠিত IPLৰ ৫৪সংখ্যক মেচখনত কলকাতা নাইট ৰাইডাৰ্ছৰ হাতত পৰাস্ত হ’ল ৰাজস্থান ৰয়েলছ৷ মেচখনত প্ৰথমে বেটিং কৰি কলকাতাই ২০ অভাৰত ৪ উইকেটত সংগ্ৰহ কৰে ১৭১ ৰান৷ প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে ১৬ অভাৰ এটা বলত আটাইকেইটা উইকেটত হেৰুৱাই মাত্ৰ ৮৫ ৰানহে কৰিবলৈহে সক্ষম হয়৷

Leave A Reply

Your email address will not be published.