danewsplus.com
danewsplus.com

নলবাৰীত এম জি এনৰেগাৰ আঁচনি ৰূপায়ণত ব্যাপক দুৰ্নীতি

0 194

ডিজিটেল ডেক্সঃ নলবাৰীত এম জি এনৰেগাৰ আঁচনি ৰূপায়ণত ব্যাপক দূৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উঠিছে। জিলাখনৰ বৰভাগত এতিয়া পঞ্চায়তে পঞ্চায়তে আচনি ৰূপায়ণত অনিয়ম সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে। সানেকুছি গাওঁ পঞ্চায়তৰ অধীনস্থ আঠঘৰীয়া গাওঁৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ উঠিছে। এই গ্ৰাম্য পথটো গাওঁ পঞ্চায়তৰ দ্বাৰা এম জি এনৰেগা আচনিৰ অধীনত বিগত ২০১৯ বৰ্ষতে আৰম্ভ হৈছিল নিৰ্মাণ কাৰ্য্য।

কিন্তু, বিগত দুবছৰে সম্পূৰ্ণ নহ’ল পথটোৰ নিৰ্মাণৰ কাম ৷ পথটো নিৰ্মাণৰ বাবে আৱন্টিত মুঠ ১ লাখ ৭৭ হাজাৰ টকাৰ প্ৰায় ৬০ হাজাৰ টকা নিৰ্মাণ সমিতিৰ অজ্ঞাতে আত্মসাৎ কৰাৰ অভিযোগ উঠিছে পঞ্চায়ত সভাপতি মূনীন্দ্ৰ বেজৰ বিৰুদ্ধে। মাটি নেপেলোৱাকৈয়ে পঞ্চায়তখনৰ জি আৰ এছ এইজন বিৰাজ দাস আৰু কৈলাশ হালৈ নামৰ এইজন দালালে পঞ্চায়ত সভাপতি মূনীন্দ্ৰ বেজৰ ছত্ৰছায়াত ৪৪ খন জব কাৰ্ডৰ বিপৰীতে এনেদৰে ধন আত্মসাৎ কৰাৰ অভিযোগ কৰিছে ৰাইজে।

ইফালে, পঞ্চায়তখনৰ সভাপতি মূনীন্দ্ৰ বেজবৰুৱাই ৰাইজৰ অভিযোগ সন্দৰ্ভত প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া।সভাপতি গৰাকীয়ে পথটো নিৰ্মাণত দূৰ্নীতি হোৱা বুলি ৰাইজে কৰা অভিযোগক নস্যাৎ কৰি অতিশীঘ্ৰে নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হ’ব বুলি কৰিছে দাবী।

Leave A Reply

Your email address will not be published.