danewsplus.com
danewsplus.com

পুনৰ নতুন বিতৰ্কত বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খান

0 191

ডিজিটেল ডেক্সঃ জাহাজত ড্ৰাগছ পাৰ্টীৰ গোচৰত NCBয়ে গ্ৰেপ্তাৰ কৰা বলীউডৰ অভিনেতা শ্বাহৰুখ খানৰ তনয় আৰিয়ান খানক লৈ এতিয়া নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ৷ আৰিয়ানাক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰিবলৈ পিতৃ শ্বাহৰুখ খানে সহায় লৈছে বিশিষ্ট অধিবক্তা সতীশ মানচিন্দেক৷ আৰিয়ানাক জামিন দিয়া আৰু গোচৰটোৰ পৰা মুক্ত কৰাৰ দায়িত্ব ন্যস্ত হৈছে মানচিন্দেৰ হাতত৷

তাৎপৰ্যপূৰ্ণভাৱে NCBয়ে আদালতক জনোৱা মতে আৰিয়ান খানৰ হাতত ড্ৰাগছ পোৱা নাছিল৷ তেওঁ চাৰিবছৰ আগৰ পৰা ড্ৰাগছ সেৱন কৰা বুলিহে স্বীকাৰ কৰিছে৷ সম্প্ৰতি NCBৰ জিম্মাত থকা বলীউড মডেল মুনমুন ধামেছা সন্দৰ্ভতো প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য৷

তেওঁৰ অধিবক্তা আলী কাছিব খানৰ দাবী মুনমুনক কৰ্ডেলিয়া ক্ৰুজৰ পাৰ্টীলৈ পাৰিশ্ৰমিকৰ বিনিময়ত আমন্ত্ৰণ কৰি নিয়া হৈছিল৷ কাৰ্ডেলিয়া ক্ৰুজৰ টিকটো কিনা নাছিল, কেবিনো বুক কৰা নাছিল মুনমুনে ৷ সমগ্ৰ বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ৰহস্যৰ সৃষ্টি হৈছে৷ আজি আৰিয়ান, মুনমুন আৰু আৰবাজক হাজিৰ আদালতত৷

Leave A Reply

Your email address will not be published.