danewsplus.com
danewsplus.com

প্ৰতিশোধপৰায়ণতাৰ চুড়ান্ত পৰ্যায়, পেট্ৰল ঢালি জ্বলাই দিলে বলেৰ’ পিক আপ

0 198

ডিজিটেল ডেস্কঃ সাধাৰণ কাজিয়াৰ ভয়ংকৰ পৰিণতি। কুহিনুৰ নামৰ এজন যুৱকে সংঘটিত কৰিলে এক জঘন্য ঘটনা। দৌলতপুৰৰ ইকবাল বাহাৰ নামৰ এজন লোকৰ গাড়ী জ্বলাই প্ৰতিশোধ ললে কুহিনুৰে ৷

খবৰ অনুসৰি নাওবৈচাৰ দৌলতপুৰত মঙলবাৰে নিশা কুহিনুৰ ইছলাম নামৰ যুৱকজনে হাতত দা আৰু পেট্ৰলৰ বটল লৈ গাড়ীৰ গৰাকী ইকবাল বাহাৰৰ ঘৰত সোমাই তেওঁক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ লগতে জ্বলাই দিয়ে বাহিৰত ৰখাই থোৱা AR- 06-7391 নাম্বাৰৰ ইকবাল বাহাৰৰ এখন বলেৰ’ পিক আপ। ফলত বলেৰ’ পিক আপৰ ভিতৰত থকা গাড়ীৰ সকলো নথিপত্ৰ জুইত জ্বলি ছাৰখাৰ হয়। এই ঘটনাৰ পিছত অঞ্চলটোত অব্যাহত আছে তীব্ৰ চাঞ্চল্যৰ। উল্লেখ্য যে, ঘটনাস্থলীত বঙালমৰা আৰক্ষী চকীৰ লোক উপস্থিত হৈ সমগ্ৰ ঘটনা সনদৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

Leave A Reply

Your email address will not be published.