danewsplus.com
danewsplus.com

আনক চাবলৈ নিদিব আপোনাৰ পান কাৰ্ড,আধাৰ কাৰ্ড বা ভোটাৰ কাৰ্ড,নহলে মূৰত পৰিব ঋণৰ বোজা…

0 567

ডিজিটেল ডেস্কঃ আপোনাৰ যদি পান কাৰ্ড, ভোটাৰ কাৰ্ড বা আধাৰ কাৰ্ড আছে তেন্তে আপুনি সাৱধান হওঁক। কিন্তু আপুনি যদি সাৱধান নহয় তেন্তে আপোনাৰ অজ্ঞাতেই মূৰত পৰিব পাৰে বৃহৎ পৰিমাণৰ ঋণৰ বোজা। এইবাৰ এনে এক ঘটনা সংঘটিত হৈছে ধিঙত। ধিঙৰ বৃহত্তৰ চৰাঞ্চলত প্ৰলোভনেৰে ৰাইজৰ মূৰত ৰামটাঙোন সোধাইছে সমাজত শিক্ষিত ব্যক্তি বুলি পৰিচয় দাঙি ধৰা একাংশ দুষ্টচক্ৰই।

নগাওঁ জিলাৰ ধিঙৰ ৰাণীতাপু চাপৰিৰ প্ৰায় শতাধিক লোকৰ নামত অজ্ঞাতেই এটা দুষ্ট চক্রই সৰকাইছে লক্ষ লক্ষ টকা । চৰকাৰৰ বিভিন্ন আঁচনিৰ সুবিধা দিয়াৰ প্ৰলোভনেৰে প্ৰায় শতাধিক ৰাইজৰ পৰা দুষ্টচক্ৰটোৱে সংগ্ৰহ কৰিছিল ভোটাৰ কাৰ্ড, পান কাৰ্ড আৰু আধাৰ কাৰ্ড । সংগ্ৰহিত এই তথ্যসমূহ ব্যৱহাৰ কৰি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা তেওঁলোকৰ অজ্ঞাতেই সংগ্ৰহ কৰিছিল ঋণ । প্ৰতিজন লোকৰ নামত দহৰ পৰা ৫০/৬০ হাজাৰ টকা পৰ্যন্ত কৌশলেৰে সৰকাইছিল ধন।

দুষ্টচক্ৰটোৰ মূল নায়ক শিক্ষক ৰূপি দালাল ৰাহুল আমিনৰ লগতে আলি আজগৰ আৰু ইজাজুল হক নামৰ তিনি ধুৰন্ধৰে সংঘটিত কৰিছে এই চাঞ্চল্যকৰ ঘটনা। ভুক্তভোগী ৰাইজে নিজৰ একাউন্ট পৰীক্ষা কৰাত পোহৰলৈ আহিছে এই দুৰ্নীতিৰ চাঞ্চল্যকৰ তথ্য। তাৰ পিছতে ভুক্তভোগী ৰাইজে নগাঁও জিলা আৰক্ষী অধীক্ষৰ ওচৰত এই তিনি পাষণ্ডৰ বিৰুদ্ধে দাখিল কৰিছে এজেহাৰ।

Leave A Reply

Your email address will not be published.