danewsplus.com
danewsplus.com

গুৱাহাটী বিশ্ববিদ্যালয়ত আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক

0 347

ডিজিটেল ডেস্কঃ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ল আছুৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠক। ৰাজ্যিক কাৰ্যনিৰ্বাহকত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে আছুৱে। অসম চুক্তি ৰূপায়ণ, কা আন্দোলন সন্দৰ্ভতো আলোচনা কৰা হয় এই ৰাজ্যিক কাৰ্যনিৰ্বাহক বৈঠকত। লগতে বৃহৎ নদীবান্ধ সন্দৰ্ভতো আলোচনা কৰা হয় ৰাজ্যিক কাৰ্যনিৰ্বাহকখনত।

বৈঠকত উপস্থিত থাকে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে কাৰ্যনিৰ্বাহকৰ সকলো সদস্য। বৈঠকত
গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাধিক বিতৰ্ক সন্দৰ্ভত সৰৱ হোৱাৰ লগতে আইডল কেলেংকাৰিৰ দোষীক শীঘ্ৰে শাস্তি বিহাৰ দাবী জনায় আছু নেতৃত্বই।

Leave A Reply

Your email address will not be published.