danewsplus.com
danewsplus.com

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি এতিয়া উত্তপ্ত

0 161

ডিজিটেল ডেস্কঃ উত্তপ্ত হৈ পৰিছে উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰি ৷ মন্ত্ৰীৰ বাহনৰ চেপাত দেওবাৰে প্ৰতিবাদকাৰী নিহত হোৱাক লৈ উত্তাল হৈ পৰিছে জিলাখন৷ শ শ কৃষকে অৱৰোধ কৰিছে ৰাষ্ট্ৰীয় পথ৷ নিহত কৃষকৰ পৰিয়ালৰ খবৰ ল’বলৈ যোৱা প্ৰিয়ংকা গান্ধীক পুৱা আটক কৰিলে আৰক্ষীয়ে৷ দেওবাৰৰ ঘটনাৰ পিছত জিলাখনত বাতিল কৰা হৈছে ইণ্টাৰনেট সেৱা৷

বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্ৰতিবাদৰ মাজতে মন্ত্ৰীৰ গাড়ীৰ খুন্দাত নিহত হয় চাৰিজন কৃষককে ধৰি ৮জন লোক৷ ইয়াৰ পিছতেই উত্তপ্ত হৈ পৰে অঞ্চলটো৷ একাংশ প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে মন্ত্ৰীৰ বাহনকেইখন৷ একাংশৰ মতে জ্বলাই দিয়া এখন বাহনত আছিল কেন্দ্ৰীয় মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ আৰু তেওঁৰ পুত্ৰ৷ ইফালে মন্ত্ৰী অজয় মিশ্ৰই ঘটনাস্থলীত পুত্ৰৰ উপস্থিতি অস্বীকাৰ কৰিছে৷

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰতিবাদকাৰীৰ শিলাবৰ্ষণৰ ফলতেই দুৰ্ঘটনাগ্ৰস্ত হয় তেওঁলোকৰ বাহনখন৷ ঘটনাস্থলীত থকা কইবাজনো সাংবাদিকো কম-বেছি পৰিমাণে আহত হয়৷ একাংশ প্ৰতিবাদকাৰীয়ে মন্ত্ৰী পুত্ৰৰ বিৰুদ্ধে ঘটনাস্থলীত গুলীবৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে৷ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক অচিৰেই মুক্তি দিয়াৰ বাবে দাবী জনাইছে কংগ্ৰেছে৷

Leave A Reply

Your email address will not be published.