danewsplus.com
danewsplus.com

কাৰাগাৰৰ কাহিনী, ‘ইমান’ ঘৰলৈ গ’ল

0 621

লেখকৰ পৰিচয়- গোবিন্দ মালাকাৰ

অধীক্ষক, জিলা কাৰাগাৰ, বৰপেটা

লেখকৰ ভ্ৰাম্যভাষ- ৯৮৫৯০৮৭০৪৯

গোবিন্দ মালাকাৰ

সাধাৰণতে উচ্চবর্গৰ সহায়ক, নিম্নবর্গৰ সহায়ক, পিয়ন, চকীদাৰ, মালী, টাইপিষ্ট, কম্পিউটাৰ সহায়ক আদি পদবীৰ লোকসকলৰ সম্পূর্ণ সহযোগতহে প্ৰায়বোৰ কাৰ্যালয়ৰে কামবোৰ সুন্দৰভাৱে পৰিচালিত হয়। উক্ত পদবীসমূহৰ কোনো এজন ব্যক্তি যদিহে অনুপস্থিত থাকে তেতিয়া হলে কার্যালয়ৰ নির্দিষ্ট কামটোত বিসংগতিয়ে দেখা দিব পাৰে। কাৰাগাৰসমূহ কিন্তু এই ক্ষেত্ৰত সম্পূর্ণ বিপৰীত।
কাৰাগাৰৰ কাৰ্যালয়ৰ সহায়কাৰী, বান্ধনীশাল, ফুলনি বাগিচা, চাফ-চিকুণতা, চিকিৎসালয়ৰ সহায়কাৰী, খেতি-বাতি, শিল্পকলা আদি কৰি এই সমস্ত কৰ্মৰাজি কাৰাগাৰৰ অভ্যন্তৰত থকা কাৰাবাসীসকলৰ জৰিয়তেই সম্পন্ন কৰা হয়। কোনোদিনে কাম নকৰা মানুহ এজনেও নিজৰ মনোযোগিতা আৰু দায়বদ্ধতাৰ বাবে কাৰাগাৰত থাকিয়েই নিপুণ কর্মী হিচাপে নিজকে পৰিচিত আৰু প্রতিষ্ঠিত কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হয়।
এই ক্ষেত্ৰত বিভিন্ন কর্মত নিয়োজিত সশ্রম বন্দীসকলে প্রতিদিনে ৫৫.০০ (পছপন্ন) টকা মজুৰি পোৱাৰ উপৰিও বিশেষভাৱে পাৰদৰ্শিতা দেখুৱাব পৰা কাৰাবন্দীসকলে প্রতিদিনে ৭৫.০০ (পয়সত্তৰ) টকা মজুৰি হিচাপে লাভ কৰে। উক্ত কামবোৰত নিয়োজিত হৈ একোজন সংস্কাৰী কাৰাবাসী হিচাপে পৰিচিত হোৱাৰ উপৰিও বছৰি ৩০ দিনৰ বাবে ছুটী উপভোগ কৰিব পাৰে। তেওঁলোকৰ মার্জিত ব্যৱহাৰ, কর্ম নিপুণতা আৰু সংস্কাৰী কার্যক্রমণিকাৰ বাবে কাৰাগাৰৰ কর্তৃপক্ষৰ জৰিয়তে ৰেহাই (Remission) লাভ কৰি কাৰাগাৰৰ পৰা সোনকালে মুকলি হোৱাৰ সুযোগ লাভ কৰে।

কাৰাগাৰ সমূহক বর্তমান সময়ত শাস্তিৰ পোতাশাল হিচাপে চিনাক্তকৰণ নকৰি, সংশোধনস্থলী (Reformative Centre) হিচাপেহে বিবেচিত কৰা হৈছে। আজিৰ পৰা প্ৰায় তিনি বছৰ আগতে নগাঁও কেন্দ্রীয় কাৰাগাৰৰ পৰা বদলি হৈ বৰপেটা জিলা কাৰাগাৰত অধীক্ষক হিচাপে যােগদান কৰিছেহি।

কাৰাগাৰখনত যোগদান কৰি সকলোৰে কক্ষৰ কাৰাবাসীসকলৰ লগত ভাব বিনিময় কৰি আহি কার্যালয়ৰ নিজৰ আসনখনত বহাৰ মুহূর্ততে দৃষ্টিগোচৰ হ’ল এজন কাৰাবাসীয়ে কার্যালয়ৰ বেঞ্চখনত বহি সুন্দৰভাৱে কাৰ্যালয়ৰ ইটো-সিটো লিখি আছে। তেওঁক মোৰ ওচৰলৈ মতাই আনি তেওঁৰ নাম কি? ঘৰ কত? বয়স কিমান, কি গোচৰত কাৰাগাৰলৈ আহিবলগীয়া হ’ল সকলো কথা বিতংভাবে জানিবলৈ বিচাৰিলো।

তেওঁ মোৰ পৰা কিছুদূৰত থিয় হৈ ক’বলৈ ধৰিলে – তেওঁৰ নাম হেনো ইমান আলী। ঘৰ বৰপেটা জিলাৰ ৰঙাপানীত। বয়স প্রায় ৫০ বছৰ। হত্যাৰ গোচৰৰ অপৰাধী হিচাপে কাবাগাৰত ইতিমধ্যে ১৫ বছৰ অতিবাহিত কৰিলে। অপৰাধৰ বিষয়ে ক’বলৈ গৈ তেওঁ কিছুসময় থমকি ৰ’ল। তাৰ পিছত ধীৰে ধীৰে ক’বলৈ ধৰিলে – তেওঁৰ অপৰাধৰ কাহিনী। ছাত্ৰ অৱস্থাৰে পৰাই তেওঁ বিভিন্ন সামাজিক কামত জড়িত হৈ আছিল।

বি এ পাছ কৰাৰ পিছত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ লগতো জড়িত হৈ বিভিন্ন কার্যসূচীত যোগদান কৰিছিল। গ্রীষ্মকালীন বন্ধত ছাত্রসন্থাৰ জৰিয়তে হোৱা বিনামূলীয়া পাঠদান কার্যসূচীত তেওঁ নৱম আৰু দশম শ্রেণীৰ ছাত্র-ছাত্রীকে শিক্ষক হিচাপে নিয়োজিত হৈ শিক্ষা প্রদান কৰিছিল।

স্কুলীয়া কালৰে পৰা মহাবিদ্যালয়ত পঢ়ি থকা সময়লৈ এন চি চিৰ বিশেষ কেডেট হিচাবে ধুবুৰী জিলাৰ গৌৰীপুৰৰ পৰা এ গ্রেড প্রমাণপত্র আৰু মেঘালয়ৰ বৰ্ণিহাটৰ পৰা বি গ্রেড প্রমাণপত্র পাবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও ঘৰে ঘৰে টিউচন কৰিও নিজৰ খৰচ নিজেই উলিয়াই লৈছিল। বহুতো ছাত্রছাত্রীয়ে এতিয়াও শিক্ষক হিচাপে তেওঁক সম্মান প্রদর্শন কৰে।

অসমৰ পৰা বিদেশীবহিষ্কৰণ আন্দোলনৰ সমাপ্তিৰ পিছত ন্যায়িক আদালতত মহৰী হিচাপে কার্যনির্বাহ কৰি কোনোমতে পেট প্ৰৱৰ্তাই আছিল। ইতিমধ্যে ইমানে বিয়াবাৰু কৰাই সাংসাৰিক জীৱনৰ পাতনি মেলিলে। এদিনাখন দোভাগ ৰাতি ইমান ঘৰৰ ওচৰতে থকা ধানবনা কলটোৰ সমীপতে থকা বৃহৎ পুখুৰীটোত কেইজনমান চোৰে চুৰি কৰি জালেৰে মাছ মাৰিবলৈ ধৰিছে। ইমান আৰু তাৰ ওচৰৰ কেইবাখনো গাঁৱৰ লোকে পুখুৰীত মাছ মাৰি থকা মানুহকেইজনক বাধা দিলে আৰু শেষত দুয়োপক্ষৰ মাজত এখন কাজিয়া হ’ল আৰু এজন চোৰে উক্ত ঘটনাতে মৃত্যুমুখত পৰিল।

ইমানৰ লগতে আৰু তিনিজনক যাৱজ্জীৱন কাৰাদণ্ডেৰে (Life imprisonment) দণ্ডিত কৰা হ’ল। ন্যায়ালয়ৰ আদেশ শিৰোধার্য কৰি ২০০৬ চনৰ পৰা ইমানৰ কাৰাবাসী জীৱন আৰম্ভ হ’ল।জীৱনৰ সেন্দুৰীয়া পথ ত্যাগ কৰি কাইটীয়া পথেৰে আগবাঢ়িবলৈ ইমান সাজু হ’ল। কাৰাগাৰৰ বন্দীসকলৰ জামিন, খালাছ আদিৰ বিষয়ে দৰ্খাস্ত লিখা, বন্দীসকলক আদালতৰ তাৰিখ জনাই দিয়া, কাৰাগাৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতা আদি কামত ইমানক নিয়োগ কৰা হ’ল। ভাগ্যৰ লিখন নাযায় খণ্ডন।

একেলগে ছাত্রসন্থাৰ বিভিন্ন কাৰ্যসূচীত যোগদান কৰা ৰঞ্জিত বায়ন নিয়োজিত হ’ল একেখন কাৰাগাৰৰে কৰ্মচাৰী হিচাপে আৰু ইমান আলী হৈ পৰিল কাৰাগাৰৰ এজন সশ্রমবন্দী। সকলো পাহৰি ইমানে কাৰাগাৰৰ সকলো কামতে মনোনিৱেশ কৰিবলৈ ধৰিলে। কাৰাগাৰৰ ভিতৰ চৰাত যদিহে কাৰোবাৰ মাজত বাক্‌বিতণ্ডা লাগে ইমানেই তেওঁলোকক বুজাই-বঢ়াই শান্ত কৰে।

কাৰাগাৰত কাৰোবাৰ অসুখ বিসুখ হলে ততাতৈয়াকৈ ডাংকোলাকৈ ডাঙি আনি কাৰাগাৰৰ চিকিৎসালয়ত ভর্তি কৰে। কাৰাগাৰৰ ভিতৰত অনুষ্ঠিত হোৱা বিহু নাইবা সাংস্কৃতিক অনুষ্ঠানবোৰত অতিথি আপ্যায়নৰ পৰা শিল্পীৰ পৰিচৰ্যালৈকে সকলো কামতে ইমানে আগভাগ লয়। কাৰাগাৰত অনুষ্ঠিত হোৱা ঈদ নামাজ, ইফটাৰ বিতৰণ আদি সকলো দিশতে আগভাগ লোৱা ইমানৰ ওপৰত কাৰাবাসীসকলৰ আছিল গভীৰ বিশ্বাস।

তেওঁলোকে ভাবেইমান যিহেতু তেওঁলোকৰ লগৰে এজন সেয়েহে তেওঁলোকৰ অভাৱ-অভিযোগসমূহ ইমানে আমাৰ আগত অৱগত কৰিব আৰু তেওঁলোকৰ যি সমস্যাই নহওক সমাধান হ’ব। বছৰৰ মূৰত ৩০ দিনৰ বাবে ইমান ছুটী লৈ ঘৰলৈ যায় আৰু নির্দিষ্ট সময়ত কাৰাগাৰলৈ উভতি আহে।

যোৱা বছৰ ইমানৰ পৰিবাৰ হঠাৎ অসুস্থ হৈ পৰিল। হার্ট অসুখ। অত্যন্ত বুকুৰ বিষ। উশাহ ল’বলৈ যথেষ্ট অসুবিধা। গুৱাহাটীৰ পৰা বৰপেটালৈ অহা চিকিৎসকে ততাতৈয়াকৈ গুৱাহাটীৰ হাস্পতালত ভৰ্তি কৰাবলৈ দিলে। খবৰটো শুনি ইমান হতাশ হৈ পৰিল। উপায়হীন ইমানৰ হাঁহিভৰা মুখখন মলিন হৈ পৰিল।

ইমানে যেতিয়া কাৰাগাৰৰ শেতেলীত বিনিদ্র ৰজনী কটাইছে তেতিয়া তেওঁৰ নিঃসন্তান পত্নীয়ে বুকুৰ বিষত কৰি আছে গভীৰ আর্তনাদ। শেষত ওচৰ-চুবুৰীয়া আৰু আত্মীয় স্বজনৰ সহযোগত গুৱাহাটীৰ হায়াট হাস্পতালত ইমানৰ পৰিবাৰক ভর্তি কৰা হ’ল। চিকিৎসকে বুকুৰ অস্ত্রোপচাৰ কৰাৰ পৰামর্শ দিয়াৰ লগতে চিকিৎসাৰ বাবদ ২/৩ লাখ টকাৰ সম্ভাব্য খৰচৰ কথাও জনাই দিলে।
খবৰটো শুনি কাৰাগাৰৰ ভিতৰতে ইমান ছটফটাই থাকিল। চকুলােৰে বাট নেদেখা হ’ল। কিন্তু জ্ঞানী লোকসকলে কোৱাৰ দৰে – যাৰ কোনো নাই, তেওঁৰ লগত ভগৱান আছে। ইমানৰ পৰিবাৰৰ বেলিকাও সেইয়াই হ’ল। ঘন কুঁৱলীৰ মাজতো বিজুলীৰ চমকনিয়ে পোহৰ বিলাই দিয়াৰ দৰে অসম চৰকাৰে প্ৰদান কৰা অটল অমৃত কাৰ্ডখনৰ জৰিয়তে ইমানৰ পৰিবাৰৰ অস্ত্রোপ্রচাৰ সুন্দৰভাৱে সম্পন্ন হ’ল আৰু কিছুদিন হাস্পতালত থাকি সুস্থ হৈ নিজ গৃহলৈ উভতি আহিল।

কিছুদিন পিছত বছৰেকীয়া ছুটীত গৈ ইমানে পত্নীক সাক্ষাৎ কৰি পুনৰ কাৰাগাৰলৈ উভতি আহিল । দিন বাগৰাৰ লগে লগে ইমানৰ কাৰাবাসী জীৱনৰ সময়ো লাহে লাহে টুটি আহিবলৈ ধৰিলে। যোৱা ২০/০৭/২০২১ ইং তাৰিখে সন্ধিয়া চৰকাৰী নির্দেশ অনুযায়ী ইমানৰ মুক্তিৰ ক্ষণ সমাগত হ’ল। খবৰটো ইমানক দিয়া হ’ল আৰু ঘৰলৈ যাবৰ বাবে সাজু হ’বলৈ নির্দেশ দিয়া হ’ল।

চৰকাৰী কাপোৰৰ বেডিং আৰু কাঁহী, গিলাচ জমা দি অশ্রুসিক্ত নয়নেৰে ইমানে প্রতিটো কোঠাৰ কাৰাবাসী সকলক মাত লগাই অফিচলৈ আহি আমাকো মাত লগাই ঘৰলৈ যাবলৈ সাজু হ’ল। যাবৰ সময়ত মোৰ চৰণ চুই সেৱা জনাই হাতযোৰ কৰি ক’লে – ছাৰ ঘৰলৈ যাবলৈ ওলালো, আশীর্বাদ কৰিব, বাকী থকা সময়খিনিও যাতে সমাজৰ প্ৰতিজনৰ লগত থাকি এজন সামাজিক মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ।

সেই সময়ত ইমানৰ চকুলৈ নামি আহিছিল দুধাৰি চকুলো। ইমানৰ অনুপস্থিতিত খালী হৈ থকা বেঞ্চখনে ইমানৰ অস্তিত্ব আজিও সোঁৱৰাই দিয়ে। ইমানৰ খালী ঠাইখিনি পূৰাবৰ বাবে আৰু এজন কাৰাবাসীক শিকাই বুজাই লোৱাৰ সময় সমাগত হ’ল। সেইজন কাৰাবাসীতে ইমানৰ দৰেই সংস্কাৰী, পৰোপকাৰী, দায়বদ্ধ আৰু সমাজপ্রিয় হয় – সেইয়াই হ’ব কাৰাগাৰ কর্তৃপক্ষৰ প্রকৃঃপ্রত্যাশা।

বি. দ্ৰ.- ওপৰৰ প্ৰবন্ধটোত লেখকৰ মনৰ ভাৱ প্ৰকাশ কৰা হৈছে। এই লেখাই প্ৰত্যক্ষ বা পৰোক্ষভাৱে https://danewsplus.com/ ৰ ভাৱ ভংগীমাক প্ৰতিনিধিত্ব কৰা নাই

Leave A Reply

Your email address will not be published.