danewsplus.com
danewsplus.com

মন্ত্ৰী ৰণোজ পেগুৰ কামৰূপৰ বিদ্যালয়-অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন, ধেমাজিৰ কেবিনেটত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত এই পৰিদৰ্শন

0 156

মন্ত্ৰী ৰণোজ পেগুৰ কামৰূপৰ বিদ্যালয় আৰু অংগনৱাড়ী কেন্দ্ৰ পৰিদৰ্শন ৷ ধেমাজিৰ কেবিনেটত মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আজি তেওঁ পৰিদৰ্শন কৰে জিলাখনৰ কেইবাখনো বিদ্যালয়৷ এই পৰিদৰ্শনকালত বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে তেওঁ মত বিনিময় কৰে৷ ইয়াৰ পিছত সংবাদ মাধ্যমৰ আগত কৰে ভালেকেইটা গুৰুত্বপূৰ্ণ মন্তব্য৷

তেওঁ কয় যে ৭৫ বছৰ গৰকা বিদ্যালয়ৰ আন্তঃগাথনিৰ বাবে ৩ কোটি টকা দিয়া হ’ব৷ নতুন শিক্ষা নীতিৰ অধীনত ২০২৩ চনৰ পৰা একাদশ-দ্বাদশ শ্ৰেণীৰ খালী হৈ থকা কলা, বিজ্ঞান, বাণিজ্য শাখাৰ লগতে ভকেশ্বনেল শাখাত নিযুক্তি প্ৰক্ৰিয়াক অন্য এক মাত্ৰ দিয়াৰ প্ৰয়াস চলোৱা লৈছে। নগাঁওৰ মধুপুৰত ভুৱা প্ৰমান-পত্ৰ উদ্ধাৰ হোৱা ঘটনাৰ তদন্ত কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে৷ গুৱাহাটী বিশ্ববিদ্যালয়ত হোৱা ব্যাপক অনিয়মৰ ওপৰতো চকু ৰখা বুলি তেওঁ মন্তব্য কৰে৷

Leave A Reply

Your email address will not be published.