danewsplus.com
danewsplus.com

লকডাউনে কোঙা কৰিব নোৱাৰা এজন যুৱকৰ প্ৰশংসনীয় পদক্ষেপ

0 598

ডিজিটেল ডেস্কঃ লকডাউনত কৰ্মসংস্থাপন হেৰুৱাসকলৰ বাবে আদৰ্শ এজন যুৱক। হাহ-মুৰ্গী পালনেৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে যুৱক জনে। ২০০ টকাৰে মুৰ্গীৰ ফাৰ্ম আৰম্ভ কৰি বৰ্তমান হাজাৰ হাজাৰ হাহ-মুৰ্গী থকা ফাৰ্মৰ মালিক যুৱকজন।দেশী-বিদেশী বিভিন্ন জাতৰ হাহ-মুৰ্গীৰে ভৰিছে ফাৰ্মখন।

যুৱকজন হ’ল দলগাঁৱৰ ১/২ নং বৰুৱাঝাৰ গাঁৱৰ জেহেৰুল ইছলাম। নিজে সংস্থাপিত হোৱাৰ লগতে জেহেৰুলে সংস্থাপন দিছে আন কেবাজনো নিবনুৱা যুৱকক।

উল্লেখ্য যে, ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ ৰপ্তানি হয় ফাৰ্মখনৰ হাহ-মুৰ্গী। এনেদৰে দলগাঁৱৰ জেহেৰুল ইছলামে দাঙি ধৰিছে আত্মনিৰ্ভৰ্শীলতাৰ উত্তম নিদৰ্শন।

Leave A Reply

Your email address will not be published.