danewsplus.com
danewsplus.com

এইবাৰ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউলত ওলাল প্লাষ্টিক চাউল

0 198

ডিজিটেল ডেস্কঃ ৰহাত বিদ্যালয়ৰ মধ্যাহ্ন ভোজনৰ চাউলত ওলাল প্লাষ্টিক চাউল। ৰহাৰ গছপৰাৰ বসুন্ধৰী হাইস্কুলৰ মধ্যাহ্ন ভোজনৰ চাউলত ওলাইছে এই প্লাষ্টিক চাউল। মংগলবাৰে বসুন্ধৰী হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ মাজত মধ্যাহ্ন ভোজনৰ চাউল বিতৰণ কৰোতে বিষয়টো পোহৰলৈ আহে।

সমবায় সমিতিৰ জৰিয়তে যোগান ধৰা এই চাউলৰ কেইবাটাও বস্তাত ওলাইছে প্লাষ্টিক চাউল। চৰকাৰে যোগান ধৰা এই চাউলত কেনেকৈ প্লাষ্টিক চাউল ওলাইছে ইয়াক লৈ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে ৰহাৰ চহৰী সমবায় সমিতিৰ সভাপতিয়ে স্পষ্ট কৰিছে বিষয়টো। সভাপতিগৰাকীৰ মতে এয়া প্লাষ্টিক চাউল নহয়। এয়া প্ৰ’টিনযুক্ত চাউল। বিদ্যালয়ৰ মধ্যাহ্ন ভোজন আৰু অংগনৱাডী কেন্দ্ৰসমূহত চাউলৰ লগত এই প্ৰ’টিনযুক্ত চাউল মিহলোৱা হয় বুলি স্পষ্ট কৰে চহৰী মৌজা সমবায় সমিতিৰ সভাপতিগৰাকীয়ে।

Leave A Reply

Your email address will not be published.