danewsplus.com
danewsplus.com

টি-২০ ক্ৰিকেটত কোহলিৰ অভিলেখ, ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় বেটছমেন কোহলি

0 320

ডিজিটেল ডেক্সঃ IPLত চেন্নাই ছুপাৰ কিংছ আৰু RCBৰ জয়লাভ৷ আবুধাবিত অনুষ্ঠিত চেন্নাই ছুপাৰ কিংছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজৰ মেচখনত অন্তিম বলত শ্বাসৰুদ্ধকৰ জয় সাব্যস্ত কৰে ধোনীৰ CSK ই৷ কলকাতাই জয়ৰ বাবে লক্ষ্য বান্ধি দিয়া ১৭২ ৰানৰ৷

ৰবীন্দ্ৰ জাদেজাৰ বিস্ফোৰক বেটিঙৰ সহায়ত ২ উইকেটত জয় লাভ কৰে CSKই৷ ইফালে, ডুবাইত অনুষ্ঠিত আনখন মেচত কোহলিৰ RCB-এ ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছক পৰাস্ত কৰে ৫৪ ৰানত৷ এইখন মেচত অৰ্ধশতক অৰ্জন কৰা কোহলিয়ে গঢ়িলে এক অভিলেখ৷

টি-২০ত ১০ হাজাৰ ৰান সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় ক্ৰিকেটাৰৰ অভিলেখ গঢ়িলে কোহলিয়ে৷ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ক্ৰিছ গেইলৰ পিছতে দ্ৰুতগতিত ১০ হাজাৰ ৰান সংগ্ৰহ কৰাৰ অভিলেখ গঢ়িলে কোহলিয়ে৷

Leave A Reply

Your email address will not be published.